পৰ্বতঝোৰা সমষ্টিৰ শিমূলটাপু বজাৰৰ পথটোৰ কদৰ্যৰূপ
পৰ্বতঝোৰা সমষ্টিৰ শিমূলটাপু বজাৰৰ পথটোৰ কদৰ্যৰূপ ৰাইজৰ দুৰ্ভোগ।
পৰ্বতঝোৰা সমষ্টিৰ শিমূলটাপু বজাৰৰ পথটোৰ কদৰ্যৰূপ


কোকৰাঝাৰ, ১৯ জুলাই (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা সমষ্টিৰ অন্তৰ্গত শিমূলটাপু বজাৰৰ পথটোৰ শোচনীয় অৱস্থাই জাৰাগুৰী, মাকতাইগাঁও আৰু শিমূলটাপু গাঁৱৰ ৰাইজক জীয়াতু ভুগাই তুলিছে । বিশেষকৈ ছাত্ৰ-ছাত্ৰী, ৰোগী, ব্যৱসায়ী আৰু দৈনন্দিন যাতায়াত কৰা লোকসকলে প্ৰতিদিনে তীব্ৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ।

ৰাইজৰ অভিযোগ অনুসৰি, প্ৰায় এবছৰ পূৰ্বে পথটো নিৰ্মাণ কৰা হৈছিল যদিও নিম্নমানৰ কামৰ বাবে বৰষুণ আৰম্ভ হোৱাৰ লগে লগে পথটোৰ বিভিন্ন ঠাইত ডাঙৰ ডাঙৰ গাঁত সৃষ্টি হৈছে। ফলত সৰু-বৰ বাহন চলাচল কৰাটোও অত্যন্ত বিপদজনক হৈ পৰিছে। খোজকাঢ়িও যাতায়াত কৰাটো কষ্টকৰ হৈ উঠিছে।

স্থানীয় ৰাইজে কয় যে বহুবাৰ সংশ্লিষ্ট বিভাগ আৰু জনপ্ৰতিনিধিৰ দৃষ্টি আকৰ্ষণ কৰাৰ পিছতো আজিলৈকে কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। বিদ্যালয়লৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীসকল বিশেষভাৱে অসুবিধাৰ সন্মুখীন হৈছে। জৰুৰীকালীনভাৱে ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো এই পথটো এক ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে।

সেয়ে স্থানীয় ৰাইজে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক এই পথটো অতি সোনকালে মেৰামতিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। লগতে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগকো পথটোৰ স্থায়ী সংস্কাৰৰ ব্যৱস্থা কৰি জনসাধাৰণৰ দুৰ্ভোগ দূৰ কৰাৰ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande