
কোকৰাঝাৰ, ১৯ জুলাই (হি.স.)। পৰ্বতঝোৰাত বন বিভাগৰ বৃহৎ অভিযান।অবৈধ কাৰবাৰৰ বিৰুদ্ধে বনমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতেই ৰাজ্য জুৰি বন বিভাগৰ অভিযান তীব্রতৰ হৈছে।
কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ খোৰাঘাট বনাঞ্চলিক বিষয়াৰ নেতৃত্বত অভিযান চলাই অবৈধ শিল-বালি খননত ব্যৱহৃত এখন এস্কেভেটৰ,কাঠ ফলা মিল আৰু অবৈধ কাঠৰ দোকানৰ পৰা শাল কাঠ জব্দ কৰিবলৈ সক্ষম হয়।কূটকুটাৰভিটাৰ টিপকাই নদীত অবৈধ ভাৱে শিল-বালি খননৰ বিৰুদ্ধে বন বিভাগে অভিযান চলাই এ এছ ১৭ পি ৫৭০০ নম্বৰৰ এখন এস্কেভেটৰ জব্দ কৰাৰ লগতে বালাপাৰাত অভিযান চলাই এটা কাঠ ফলা মিল উৎখাত কৰে।আনফালে কাজিগাঁওত অবৈধ কাঠৰ দোকানত অভিযান চলাই শাল গছৰ ফলা কাঠ জব্দ কৰে বন কৰ্মীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ