নুমলীগড়ত কৃত্ৰিম বানত জলমগ্ন কেইবাটাও অঞ্চল
গোলাঘাট, ১৯ জুলাই (হি.স.)। নুমলীগড়ত কৃত্ৰিম বান। জলমগ্ন হৈ পৰিছে নুমলীগড় উচ্চতৰ মাধ্যয়মিক বিদ্যালয়, অংগণবাদী কেন্দ্ৰসহ কেইবাখনো গাঁও ধাৰাষাৰ বৰষুণৰ ফলত নুমলীগড়ৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। নুমলীগড় তিনিআলিত কৃত্ৰিম বানৰ সৃষ্টি হৈ
নুমলীগড়ত কৃত্ৰিম বানত জলমগ্ন কেইবাটাও অঞ্চল


গোলাঘাট, ১৯ জুলাই (হি.স.)। নুমলীগড়ত কৃত্ৰিম বান। জলমগ্ন হৈ পৰিছে নুমলীগড় উচ্চতৰ মাধ্যয়মিক বিদ্যালয়, অংগণবাদী কেন্দ্ৰসহ কেইবাখনো গাঁও

ধাৰাষাৰ বৰষুণৰ ফলত নুমলীগড়ৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। নুমলীগড় তিনিআলিত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। নুমলীগড় উচ্চতৰ মাধ্যয়মিক বিদ্যালয়ত প্ৰৱেশ কৰিছে পানী, খেলপথাৰতো একাঁঠু পৰ্যন্ত পানী হৈছে। পাৰ্বতিপুৰ গাঁৱত এখন অংগণবাদী কেন্দ্ৰত পানী প্ৰৱেশ কৰিছে। ইপিনে, পাৰ্বতিপুৰকে আদি কৰি বিষ্ণুপুৰ আদৰ্শ গাঁও, নেপালিখুঁটি, ৰজাবাৰী কৃত্ৰিম বানৰ কৱলত পৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande