দেৰগাঁওত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ ফলত ব্যাহত স্বাভাৱিক জীৱন যাত্ৰা
গোলাঘাট, ১৯জুলাই(হি.স.)। দেৰগাঁওত কৃত্ৰিম বানপানী । নিশাৰে পৰা নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত দেৰগাঁও নগৰৰ ভিন্ন প্ৰান্তত দেখা গৈছে জলমগ্ন পৰিৱেশ । দেৰগাঁও চাৰিআলিৰ দুয়োদিশৰ দুয়োটা চাৰ্ভিছ ৰোড,৩নং গেট অঞ্চল,নাৰিকলগুৰি আৰু লাহটি চাৰিআলি সংযোগী পথট
দেৰগাঁওত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ ফলত ব্যাহত স্বাভাৱিক জীৱন যাত্ৰা


গোলাঘাট, ১৯জুলাই(হি.স.)। দেৰগাঁওত কৃত্ৰিম বানপানী । নিশাৰে পৰা নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত দেৰগাঁও নগৰৰ ভিন্ন প্ৰান্তত দেখা গৈছে জলমগ্ন পৰিৱেশ ।

দেৰগাঁও চাৰিআলিৰ দুয়োদিশৰ দুয়োটা চাৰ্ভিছ ৰোড,৩নং গেট অঞ্চল,নাৰিকলগুৰি আৰু লাহটি চাৰিআলি সংযোগী পথটোৰ একাংশ পানীৰে উপচি পৰাত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা ।

নাৰিকল গুৰিৰ গাৰ্লচ এম ভি স্কুলখনৰ চৌহদো বৰষুণৰ পানীৰে উপচি পৰি সৃষ্টি কৰিছে কৃত্ৰিম বানপানীৰ।

আনহাতে দেৰগাঁৱৰ সমীপৱৰ্তী মৌজাদাৰ আলিতো কৃত্ৰিম বানপানীয়ে সমস্যাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande