শিশু অপহৰণকাৰী ৰফিকুল আলীক নিশা আটক কৰে ৰঙিয়া আৰক্ষীয়ে
কামৰূপ, ১৯ জুলাই (হি.স.)। ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা । ৮ দিন পূৰ্বে নিৰুদ্বেশ হৈছিল ৰঙিয়া ষ্টেচনৰ সমীপৰ এজন ৯ বছৰীয়া শিশু । নাম চন্দন তালুকদাৰ । চন্দনৰ মাতৃয়ে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে ৰফিকুল আলী নামৰ এজন যুৱকৰ বিৰুদ্ধে । চন্দনৰ মাতৃয়ে ৰফিকুল
শিশু অপহৰণকাৰী ৰফিকুল আলীক নিশা আটক কৰে ৰঙিয়া আৰক্ষীয়ে


কামৰূপ, ১৯ জুলাই (হি.স.)। ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা । ৮ দিন পূৰ্বে নিৰুদ্বেশ হৈছিল ৰঙিয়া ষ্টেচনৰ সমীপৰ এজন ৯ বছৰীয়া শিশু । নাম চন্দন তালুকদাৰ । চন্দনৰ মাতৃয়ে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে ৰফিকুল আলী নামৰ এজন যুৱকৰ বিৰুদ্ধে । চন্দনৰ মাতৃয়ে ৰফিকুলে অপহৰণ কৰা বুলি অভিযোগ দাখিল কৰিছিল । নিখোজ চন্দন তালুকদাৰক অপহৰণ কৰা ৰফিকুল আলীক নিশা আটক কৰে ৰঙিয়া আৰক্ষীয়ে । ৯ দিন ধৰি নিৰুদ্দেশ হৈ আছে ৮ বছৰীয়া শিশু চন্দন তালুকদাৰ ।

মাতৃ দিপা তালুকদাৰৰ অভিযোগৰ ভিত্তিত আটক বৰপেটাৰ ৰঙিয়াৰ উদিয়ানাত ভাড়াতীয়া হিচাপে থকা মিঞা ৰফিকুল আলী । অভিযোগ অনুসৰি ৰফিকুল আলীয়ে চন্দন তালুকদাৰক হত্যা কৰি গুৱাহাটীৰ মাছখোৱাত ব্ৰহ্মপুত্ৰত পেলাই দিছে ৷ ড্ৰগছৰ আসক্ত ৰফিকুল আলীয়ে শিশুটিক কৌশলেৰে গুৱাহাটীলৈ নি হত্যা কৰা বুলি নিজ মুখে একাংশ লোকৰ আগত স্বীকাৰ কৰা বুলি অভিযোগত প্ৰকাশ । ৰফিকুল আলীয়ে ৰঙিয়া, কামাখ্যা আৰু গুৱাহাটী ৰেল ষ্টেচনত পানীৰ বটল বুটলি নিজৰ জীৱন নিৰ্বাহ কৰে ৷ ৰফিকুল আলীৰ বৰ্তমান ঠিকনা ৰঙিয়া ষ্টেচনৰ সমিপৰ উদিয়ানা গাঁৱত ৷ অভিযুক্ত ৰফিকুল আলীক সোধা-পোছা অব্যাহত ৰখিছে ৰঙিয়া আৰক্ষীয়ে ৷ ৰঙিয়া আৰক্ষীয়ে ৰফিকুলক গুৱাহাটীলৈ নি তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ।

এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গা ধুই থাকোতে বাচ্চাটো নৈত উটি গৈছে অভিযুক্ত ৰফিকুল আলীৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি । গুৱাহাটী লাচিত ঘাটত আৰক্ষী এছ ডি আৰ এফ ৰ অভিযান চলিছে শিশুটিৰ সন্ধানত । হত্যা কৰি পেলাই দিয়া হ'ল নেকি চন্দন তালুকদাৰ নামৰ শিশুটিক ।

ৰঙিয়াৰ শিশু নিখোজৰ ঘটনাক লৈ চাঞ্চল্য । ক’ত আছে চন্দন তালুকদাৰ নামৰ ৮ বছৰীয়া শিশুটি । পেলনীয়া সামগ্ৰী বুটলি ফুৰা ৰফিকুল আলীয়ে কি কাণ্ড কৰিলে শিশুটিৰ সৈতে ।

আৰক্ষীয়ে ৰফিকুল আলীক কৰায়ত্ব কৰি অব্যাহত ৰাখিছে তদন্তৰ । অভিযুক্ত ৰফিকুল আলীয়ে ১৩ জুলাই তাৰিখে মাছখোৱাৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰত পৰি যোৱা বুলি বিস্ফোৰক সৃীকাৰোক্তি দিয়ে । ৰফিকুল আলী হৈছে ড্ৰাগছ আসক্ত । ঘৰ বৰপেটাত আৰু ৰঙিয়াৰ গুৰুকুছিত ভাৰাতীয়া হিচাপে থাকি পেলনীয়া সেই সামগ্ৰী বুটলি ফুৰে ।

শিশুটিৰ মাতৃ দীপা তালুকদাৰৰ ঘৰ নলবাৰীত আৰু থাকে ইণ্ডিয়া গে'টত ভাৰাতীয়া হিচাপে । আৰক্ষীয়ে ৰফিকুল আলীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত চলাই আছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande