
বাক্সা, ১৯ জুলাই (হি.স.)। গোৰেশ্বৰৰ বাঙালীপাৰাত চাঞ্চল্যৰ হত্যাকাণ্ড৷কালি নিশা শোৱাপাটীত এগৰাকী মহিলাক ডিঙিচেপী হত্যা দুৰ্বিত্বৰ৷
৯ বছৰীয়া পুত্ৰৰ সন্মুখতে হত্যা কৰে ৰূপালী দাস নামৰ মহিলাগৰাকীক। অবৈধ প্ৰেমৰ বাবে ভয়ংকৰ পৰিনীত হোৱাৰ আশংকা একাংশৰ৷স্বামী কৰ্মসুত্ৰে ইজৰাইলত থকাৰ সুযোগ বুজি এই কাণ্ড সংঘটিত হোৱাৰ সন্দেহ৷ঘটনাস্থলীত উপস্থিত আৰক্ষীৰসহ ফৰেনছিক দল৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ