ট্ৰেক্টৰ চলাই হাল বাই, শাওনৰ পথাৰত ভূঁই ৰুলে বিধায়ক পল্লৱ লোচন দাসে
বিশ্বনাথ, ১৯ জুলাই (হি.স.)। আজি এক ব্যতিক্ৰমী ৰূপত দেখা গ''ল বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাসক । বিশ্বনাথৰ মিচামাৰী গাঁৱত বিধায়ক পল্লৱ লোচন দাসে নিজে ট্ৰেক্টৰ চলাই হাল বাই ভূঁই ৰুৱে। এখন নীলা ৰঙৰ ট্ৰেক্টৰৰে বিধায়ক গৰাকীয়ে প্ৰথমে পথাৰত হাল বাইছিল ।
ট্ৰেক্টৰ চলাই হাল বাই, শাওনৰ পথাৰত ভূঁই ৰুলে বিধায়ক পল্লৱ লোচন দাসে


বিশ্বনাথ, ১৯ জুলাই (হি.স.)। আজি এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাসক । বিশ্বনাথৰ মিচামাৰী গাঁৱত বিধায়ক পল্লৱ লোচন দাসে নিজে ট্ৰেক্টৰ চলাই হাল বাই ভূঁই ৰুৱে। এখন নীলা ৰঙৰ ট্ৰেক্টৰৰে বিধায়ক গৰাকীয়ে প্ৰথমে পথাৰত হাল বাইছিল । তাৰ পিছত পথাৰতে জলপান গ্ৰহণ কৰি মহিলাসকলৰ লগত মিলি ভূঁই ৰুবলৈ আৰম্ভ কৰে। বোকাপানী খচকি শাওনৰ পথাৰত ভূঁই ৰুই তেওঁ কৃষকৰ প্ৰতি থকা সহমৰ্মিতা প্ৰকাশ কৰে।

দৰাচলতে অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান এএছআৰএলএম (ASRLM)ৰ সাকোমঠা উন্নয়ন খণ্ডৰ অন্তৰ্গত বামুনিপথাৰ আৰু ধুলি গাঁও পঞ্চায়তৰ দুটাকৈ সংহত কৃষি ক্লাষ্টাৰৰ সদস্যই আজিৰ পৰা কৃষি কাৰ্যৰ শুভাৰম্ভণি কৰে।

বিধায়ক পল্লৱ লোচন দাসে ফিটা কাটি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। এই অনুষ্ঠানত শ্যামলা আৰু দেবাংশ্ৰী সংহত কৃষি ক্লাষ্টাৰৰ মহিলা সকলে বিধায়ক গৰাকীৰ লগত একেলগে ভূঁই ৰুই আনন্দ কৰে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande