সম্ভাব্য বানপৰিস্থিতিক লৈ কাজিৰঙাত তৎপৰতা বৃদ্ধি
কাজিৰঙা, ১৯ জুলাই (হি.স.)। সম্ভাব্য বানপৰিস্থিতিক লৈ কাজিৰঙাত বৃদ্ধি পাইছে তৎপৰতা। উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত শেষ প্ৰস্তুতিত ব্যস্ত বনবিষয়া-বনকৰ্মীসকল ৷ উল্লেখ্য যে কাজিৰঙাৰ বাবে আশীৰ্বাদস্বৰূপ বানপানীয়ে ৰক্ষা কৰি আহিছে কাজিৰঙাৰ জৈৱবৈচিত্ৰ ৷ বন
সম্ভাব্য বানপৰিস্থিতিক লৈ কাজিৰঙাত তৎপৰতা বৃদ্ধি


কাজিৰঙা, ১৯ জুলাই (হি.স.)। সম্ভাব্য বানপৰিস্থিতিক লৈ কাজিৰঙাত বৃদ্ধি পাইছে তৎপৰতা। উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত শেষ প্ৰস্তুতিত ব্যস্ত বনবিষয়া-বনকৰ্মীসকল ৷

উল্লেখ্য যে কাজিৰঙাৰ বাবে আশীৰ্বাদস্বৰূপ বানপানীয়ে ৰক্ষা কৰি আহিছে কাজিৰঙাৰ জৈৱবৈচিত্ৰ ৷ বনাঞ্চলখনৰ ৩০ টা বন শিবিৰত হাত নাও, লাইফ জেকেটৰ যোগান ধৰিছে কৰ্তৃপক্ষই ৷ সমান্তৰালকে বানপানীৰ সময়ছোৱাত ওখ ঠাইৰ সন্ধানত কাৰ্বিপাহাৰলৈ বন্যজীৱকুল ওলাই যাওতে ৩৭ নং ৰাষ্ট্ৰীয় পথত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে পথছোৱাত মোতায়ন কৰিছে বনৰক্ষী ৷ আনহাতে বান পৰিস্থিতিৰ সুযোগ লৈ যাতে কোনো কাৰণতে চোৰাং চিকাৰীয়ে বন্যজন্তুক আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande