জলেশ্বৰৰ পীৰবাৰিৰ পৰা ১৫ বছৰীয়া কিশোৰী সন্ধানহীন
গোৱালপাৰা, ১৯ জুলাই (হি.স.)। গোৱালপাৰা জিলাৰ জলেশ্বৰৰ কাটাৰীহাৰা স্থিত পীৰবাৰিৰ পৰা সন্ধানহীন হৈছে এগৰাকী ১৫ বছৰীয়া কিশোৰী। নিৰুদ্দেশ কিশোৰীগৰাকী জলেশ্বৰ সমষ্টিৰ আমবাৰীৰ মাৰকুলা গাঁৱৰ ছানোৱাৰ হুছেইনৰ কন্যা ছানিয়াৰা খাতুন বুলি জানিব পৰা গৈছে । জা
জলেশ্বৰৰ পীৰবাৰিৰ পৰা ১৫ বছৰীয়া কিশোৰী সন্ধানহীন


গোৱালপাৰা, ১৯ জুলাই (হি.স.)। গোৱালপাৰা জিলাৰ জলেশ্বৰৰ কাটাৰীহাৰা স্থিত পীৰবাৰিৰ পৰা সন্ধানহীন হৈছে এগৰাকী ১৫ বছৰীয়া কিশোৰী। নিৰুদ্দেশ কিশোৰীগৰাকী জলেশ্বৰ সমষ্টিৰ আমবাৰীৰ মাৰকুলা গাঁৱৰ ছানোৱাৰ হুছেইনৰ কন্যা ছানিয়াৰা খাতুন বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে আজিৰ পৰা তিনিদিন পূৰ্বে পিতৃ-মাতৃৰ সৈতে পীৰবাৰি মাজাৰ-শ্বৰীফলৈ আহিছিল কিশোৰীগৰাকী । যোৱাকালি পুৱা আনুমানিক ৯ বজাৰ পৰা হঠাৎ তেওঁ নিৰুদ্দেশ হৈ পৰে ।

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত অনুসন্ধান চলাইছে যদিও এই পৰ্যন্ত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

আটাইতকৈ চিন্তাৰ বিষয় হৈছে, ছানিয়াৰা খাতুন এগৰাকী বাক্প্ৰতিবন্ধী । তেওঁ কথা ক'ব নোৱাৰে, ফলত নিজৰ পৰিচয় বা ঠিকনা আনক জনোৱাও তেওঁৰ বাবে সম্ভৱ নহ'ব ।

ঘটনা সন্দৰ্ভত ইতিমধ্যেই জলেশ্বৰ আৰক্ষীত অভিযোগ দাখিল কৰিছে পৰিয়ালৰ লোকে।

কোনোবাই যদি কিশোৰী গৰাকীৰ কোনো সন্ধান লাভ কৰে তেন্তে জলেশ্বৰ আৰক্ষী নাইবা ৬০০৩১ ৪৪২৮৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়াল লোকে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande