
বাক্সা, ১৯ জুলাই (হি.স.)। হাগ্ৰামাৰ মডেলত বিটিচিত বিগত ১৬ বছৰে সম্পূর্ণ নহল গোৰেশ্বৰৰ দলংঘাটৰ পকী দলং ।২০১০ চনৰ পৰা নিৰ্মাণ কাৰ্যচলি থকা দলংখন সম্পূৰ্ণ নহওঁতেই দলংখনত দেখা গৈছে প্ৰকাণ্ড চিৰাল ফাট।বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আধাৰশিলা স্থাপন কৰা দলংখনত প্ৰায় ৫/৬ জন ঠিকাদাৰে নিৰ্মাণ কাৰ্য কৰিও আজিকোপতি সম্পূর্ণ কৰিৱ নোৱাৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।
বিগত ১৬ বছৰে দলং ঘাটৰ দলংখনক লৈ স্থানীয় জন-প্ৰতিনিধিয়েও ৰাজনীতি কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে।বছৰ বছৰ ধৰি দলং খন নিৰ্মাণ সম্পূর্ণ কৰিব নোৱাৰাত ব্যৰ্থ হৈছে বিটিচি চৰকাৰ।বিটিচিৰ দুবাৰৰ ই এম মহেশ্বৰ বসুমতাৰীৰ নাই কোনো কাণষাৰ ।উল্লেখ যে গুৰমৌ-ধুলাবৰী দলংঘাটৰ দলংৰ অভাৱৰ বাবে অকালতে প্ৰাণ হেৰুৱাইছে বহুলোকে।ৰাইজে ৰেলৱে’ ব্ৰীজৰ উপপথ ব্যবহাৰ কৰি আহিছে যদিও চাইকেল বাইক ৰেলৰ পথৰ মাজেৰে যাবলগীয়া হোৱাত হঠাৎ ৰেল গাড়ী আহিলে দুৰ্ঘটনা সংঘটিত হৈ বহুলোকে মৃত্যু বৰণ কৰিৱ লগীয়া হৈছে।ইপিনে যাতায়াতৰ বাবে বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগি অহা ৰাইজে দলং নিৰ্মানৰ বাবে আহ্বান জনাইছে চৰকাৰক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ