
শিৱসাগৰ, ১৯ জুলাই (হি.স.)। এজাক বৰষুণত ডুবিল ঐতিহাসিক শিৱসাগৰ চহৰ।
কৃত্ৰিম বানৰ কৱলত শিৱসাগৰ চহৰ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চল ৷
এজাক মূষলধাৰ বৰষুণতেই ৰং হেৰাল ৰংপুৰৰ ৷
পূঁৱতি নিশা অহা মূষলধাৰ বৰষুণত ডুব গ'ল শিৱসাগৰ চহৰৰ বিস্তীৰ্ন অঞ্চল ৷
চহৰ খনৰ চৈধ্যতা ৱাৰ্ডৰ অধিকাংশ ৱাৰ্ডেই কৃত্ৰিম বানৰ কৱলত ৷
চহৰৰ মাজমজিয়া দৌলমুখ চাৰি আলি,হেমচন্দ্ৰ বৰুৱা ৰোড, বাবুপটি,বৰ্ডিং ৰোডত এক আঁঠু পৰ্যন্ত পানী।
একাংশ লোকে চৰকাৰী নৰ্দমা বন্ধ কৰাৰ কূ -ফলৰ বাবেই ৰাইজৰ এই দূৰ্ভোগ ৷
পৌৰ সভাইয়ো খৰালীত নলা - নৰ্দমা চাফা নকৰি বাৰিষালৈ হাত সাৱতি বহি থকাৰ ফলতেই উক্ত পৰিস্থিতিৰ উদ্ভৱ হয় ৷
শিৱসাগৰ চহৰৰ বিভিন্ন স্থানত বেদখল হোৱাৰ ফলত এই বানপানী সৃষ্টি হোৱাৰ অভিযোগ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা