
গোলাঘাট, ১৯ জুলাই (হি.স.)। ৰাজ্যৰ কৃষিখণ্ডত আমোল পৰিৱৰ্তনৰ বাবে লাগিব পৰ্যাপ্ত পৰিমাণৰ সুবিধা৷ বৰ্তমান কৃষকসকলৰ সমস্যাৰ বুজ ল’বলৈ খুমটাই সমষ্টিৰ থুৰামুখ কাঠকটীয়া বেবেজীয়া অঞ্চলত উপস্থিত কৃষিমন্ত্ৰী পিয়ুষ হাজৰিকা ৷অঞ্চলটোৰ কৃষকসকলৰ মূল সমস্যা জলসিঞ্চনৰ ব্যৱস্থা, উন্নত বাট-পথৰ ব্যৱস্থা,শীতল ভঁৰালৰ অভাৱ এই সমস্যাসমূহ দূৰ কৰিবলৈ এইখন চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে৷
উল্লেখ্য যে খুমটাই সমষ্টিৰ বৃহত্তৰ মইনাপাৰ অঞ্চলৰ কৃষকসকলৰ সৈতে মনবিনিময়ৰ এক অনুষ্ঠান আছিল যদিও প্ৰতিকূল বতৰৰ বাবে মন্ত্ৰীগৰাকীয়ে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিলে৷ মন্ত্ৰীগৰাকীয়ে এইসকল কৃষকৰ প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে তেওঁলোকৰ সমস্যা সমূহ শীঘ্ৰেই দূৰ কৰিবলৈ ১০০% চেষ্টা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৃষিখণ্ডক অধিক অগ্ৰাধিকাৰ দি অহা পাঁচবছৰত জলসিঞ্চনৰ বহু কাম কৰাৰ কথা উল্লেখ কৰে৷ নৱেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈ খেতিয়কে খেতি কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হয় যাৰবাবে জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে৷ মন্ত্ৰীগৰাকীয়ে ধান খেতিতকৈ ৰবি শস্য কৰাত কৃষকসকলে অধিক মনোনিৱেশ কৰিব লাগে উল্লেখ কৰি কৃষকসকলৰ প্ৰতিটো সমস্যাৰ সমাধান কৰাত এইখন চৰকাৰে কাম কৰিব বুলি উল্লেখ কৰে৷ মন্ত্ৰীগৰাকীয়ে খৰাং পীড়িত অঞ্চলসমূহত তীব্ৰ গতিত জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰাত বহু কৃষকে কৃষিকৰ্মত লাভাম্বিত হোৱাৰ পথ প্ৰশস্ত হ’ব৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা