
ধুবুৰী, ১৯ জুলাই (হি.স.)। ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত ৰমৰমীয়া তীৰৰ বেহা । আগমনি, অঞ্চলত সক্ৰিয় হৈ উঠিছে তীৰ মাফিয়া । আগমনি থানাৰ অন্তৰ্গত ঝাপুচাবাৰী দ্বিতীয় খণ্ড বৰোবাৰী বজাৰত তীৰৰ ৰমৰমীয়া বেহা । ই-ৰিক্সাত বহি মুকলিকৈ চলাইছে তীৰ জুৱাৰ ৰমৰমীয়া বেহা । বিভিন্ন মহলক মেনেজ কৰি তীৰ জুৱাৰ বেহা চলোৱাৰ অভিযোগ ।
আৰক্ষীৰ ভূমিকাত সন্দেহ একাংশৰ । বৰোবাৰী অঞ্চলৰ একাংশ যুৱক আৰু দিন হাজিৰা কৰা শ্ৰমিক তীৰ জুৱাত সৰ্বস্বান্ত হৈছে । তীৰ বিক্ৰী কৰা এজেন্টক গ্ৰেপ্তাৰ আৰু তীৰৰ বেহা বন্ধ কৰিবলৈ ধুবুৰী জিলা জেষ্ঠ আৰক্ষী অধীক্ষকক আহ্বান । লগতে ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ থানা সমূহৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক তীৰ জুৱা বন্ধ কৰিবলৈ আহ্বান সচেতন মহলৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ