হাউলীৰ কুমুল্লীপাৰাত চৰকাৰী মাটি বেদখল কৰাৰ অভিযোগ
হাউলীৰ কুমুল্লীপাৰাত চৰকাৰী মাটি বেদখল কৰাৰ অভিযোগ।
হাউলীৰ কুমুল্লীপাৰাত চৰকাৰী মাটি বেদখল কৰাৰ অভিযোগ


বৰপেটা, ১৯ জুলাই (হি.স.): বৰপেটা জিলাৰ হাউলীৰ কুমুল্লীপাৰাত চৰকাৰী মাটি বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছে । ৰাস্তাৰ চৰকাৰী মাটি বেদখল কৰি বেলেগৰ পাট্টাৰ মাটিৰ ওপৰেদি ৰাস্তা ঠেলি দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে । এই অভিযোগ আব্দুল মান্নান আৰু আহাম্মদ আলী নামৰ লোক দুজনৰ বিৰুদ্ধে উঠে ।

কুমুল্লীপাৰা গড়কাপ্তানী পকী পথৰ পৰা ঢাকালীয়াপাৰা গড়কাপ্তানী পকী পথ সংযোগী কেঁচা ৰাস্তাৰ চৰকাৰী মাটি বেদখল কৰি নিৰ্জাবুল হকৰ পাট্টাৰ মাটিৰ ওপৰেদি ৰাস্তা ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰে নিৰ্জাবুল হকে । ঘটনা সন্দৰ্ভত ভুক্তভোগী নিৰ্জাবুল হক আৰু একাংশ ৰাইজে বৰপেটাৰ জিলা আয়ুক্ত, বৰপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু গাওঁ পঞ্চায়ত কৰ্তৃপক্ষক দাখিল কৰিছে অভিযোগ । ৰাস্তাটো চৰকাৰী নক্সা অনুযায়ী বৰপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু জিলা প্ৰশাসনে উলাই দিয়াৰ আহ্বান জনায় নিৰ্জাবুল হকে।

আনহাতে আব্দুল মান্নান আৰু আহাম্মদ আলীৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ মিছা বুলি অভিহিত কৰি নিৰ্জাবুল হকে তেওঁৰ ৫০ লেছা মাটিৰ পৰিবৰ্তে ৫৮ লেছা মাটি অৰ্থাৎ ৮ লেছা মাটি বেছিকৈ ভোগ দখল কৰাৰ অভিযোগ আব্দুল মান্নানৰ । ইয়াৰ উপৰি আব্দুল মান্নান আৰু তেওঁৰ ভাতৃয়ে সামাজৰ মানুহক অৱমাননা কৰাৰ অভিযোগ নস্যাৎ কৰে আব্দুল মান্নানে । এই ক্ষেত্ৰত কোন সঁচা কোন মিছা প্ৰশাসনৰ নিৰপেক্ষ তদন্তৰ পিছতহে পোহৰলৈ আহিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande