
বিশ্বনাথ, ১৯ জুলাই (হি.স.): বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা অন্তৰ্গত ২ নং কুমলীয়াৰ পৰা নিখোঁজ হৈ পৰিছে এগৰাকী ১৭ বছৰীয়া যুৱতী । ২ নং কুমলীয়াৰ নিবাসী দিক বাহাদুৰ নেৱাৰ নামৰ লোকজনৰ ১৭ বছৰীয়া কন্যা তুলসী দেৱী (নেৱাৰ) শুক্রবাৰে নিশা প্ৰায় ১০ বজাৰ পৰা নিখোঁজ হৈ আছে। ছোৱালী গৰাকী ওলাই যোৱাৰ পিছত এতিয়ালৈকে কোনো খবৰ পোৱা হোৱা নাই পৰিয়ালে। এই ঘটনাক লৈ পৰিয়ালটোত গভীৰ চিন্তা আৰু উদ্বেগৰ সৃষ্টি হৈছে।
খবৰ অনুসৰি, তুলসীৰ পৰিয়ালৰ লোকে ইতিমধ্যে সদৰ আৰক্ষীৰ কাষ চাপিছে সমগ্ৰ ঘটনাৰ বিবৰণ দাঙি এখন এজাহাৰ দাখিল কৰিছে । যদিও কোনোবাই তুলসীক ক’ৰবাত দেখা পায় বা তাইৰ বিষয়ে কোনো তথ্য জানে, তেন্তে অনুগ্ৰহ কৰি তৎক্ষণাত ৮৮২২৩ ৮৩৪০১ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ