
শিৱসাগৰ, ১৯ জুলাই (হি.স.)। নাজিৰাৰ গেলেকীত দৈখনা নদীৰ বাঢ়নী পানীয়ে ছিঙিলে নৱ নিৰ্মিত মথাউৰি
বৃহত্তৰ গেলেকীৰ ভালেকেইখন গাওঁ ভয়াৱহ বানৰ কবলত l নাজিৰা সমজিলাৰ অন্তৰ্গত গেলেকীৰ দৈখনা নদীৰ বাঢ়নী পানীয়ে আজি পুৱা ভাগত নৱ নিৰ্মিত এটা মথাউৰিৰ এক অংশ চিঙি নিয়াৰ ফলত বৃহত্তৰ গেলেকীৰ ভালেকেইখন গাঁৱত ভয়াৱহ বানৰ কবলত পৰিছে। গেলেকীৰ লাহন গাওঁ , মৰাণ গাওঁ, চৰাইসজীয়া , শিঙিবিল আদি কুৰিখনৰোধিক গাওঁ দৈখনা নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰি তুলিছে। এই বানৰ কবলত পৰা অঞ্চলসমূহ সম্পূৰ্ণ ৰূপে যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰাৰ লগতে পোহনীয়া জীৱ-জন্তু, ভালেকেইটা ঘৰৰ অংশবিশেষ উটোৱাই নিয়াত জনগণৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু