
কোকৰাঝাৰ, ১৯ জুলাই (হি.স.)। গোসাইগাঁৱত যুৱক সকলক ফুটবল খেলৰ প্ৰশিক্ষণ । গোসাইগাঁৱ মহকুমাৰ বলোকটি খেল পথাৰত ব্যস্ত হৈ পৰিছে ফুটবল খেলুৱৈ সকল অনুশীলনত।
গোসাইগাঁৱ শালম ফুটবল ক্লাবৰ উদ্যোগত আয়োজিত এই ফুটবল খেলৰ অনুশীলন ।যুৱকসকলৰ বাবে ফুটবল অনুশীলনে শাৰীৰিক, মানসিক আৰু কাৰিকৰী বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ফুটবল খেলৰ যোগেদি ভবিষ্যতৰ জীৱন গঢ় লৈ উঠে তাৰে লক্ষ্যৰে এই অনুশীলনৰ পদক্ষেপ গ্ৰহণ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ