গোসাঁইগাঁওত উচ্ছেদৰ জাননী লাভ কৰাত সংকিত পৰিয়াল
কোকৰাঝাৰ, ১৯ জুলাই (হি.স.)। গোসাঁইগাঁওত উচ্ছেদৰ জাননী লাভ কৰাত সংকিত পৰিয়াল। গোসাঁইগাঁও পদ্মবিলৰ এটা পৰিয়ালক উচ্ছেদ কৰাৰ সম্ভাৱনাৰ খবৰ বিয়পি পৰাত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। পৰিয়ালটোৰ লগতে আদিবাসী সংগঠনে আপত্তি প্ৰকাশ কৰিছে। ইপিনে,আদালতৰ ৰায়দা
গোসাঁইগাঁওত উচ্ছেদৰ জাননী লাভ কৰাত সংকিত পৰিয়াল


কোকৰাঝাৰ, ১৯ জুলাই (হি.স.)। গোসাঁইগাঁওত উচ্ছেদৰ জাননী লাভ কৰাত সংকিত পৰিয়াল। গোসাঁইগাঁও পদ্মবিলৰ এটা পৰিয়ালক উচ্ছেদ কৰাৰ সম্ভাৱনাৰ খবৰ বিয়পি পৰাত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। পৰিয়ালটোৰ লগতে আদিবাসী সংগঠনে আপত্তি প্ৰকাশ কৰিছে। ইপিনে,আদালতৰ ৰায়দানৰ পিছতো নিজৰ মাটি লাভ কৰাত বঞ্চিত এজন ভুক্তভোগী। গোসাঁইগাঁও চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ পদ্মবিলস্থিত ২ নং ৰিপুৰ ১৩৫ নং দাগৰ মাটি ক্ৰয় কৰিছিল আছুৰুদ্দিনে।

১৯৯১ চনত ক্ৰয় কৰা ভুমি ডোখৰ আছুৰুদ্দিনৰ নামত নামজাৰী হোৱাৰ পিছতো, ভূমি বেদখলৰ অভিযোগ। গোসাঁইগাঁও প্ৰশাসনক শীঘ্ৰে বেদখলমুক্ত কৰাৰ দাবী আছুৰুদ্দিনৰ। ক্ৰয় কৰা ভূমি নিজৰ নামত নামজাৰি থকাৰ পিছতো বেদখলমুক্ত কৰাত ব্যৰ্থ হৈছিল আছুৰুদ্দিনে।শেষত আইনী প্ৰক্ৰিয়াত বহু বছৰ কেচ চলাৰ পিছত কেচত ডিগ্ৰী লাভ কৰে আছুৰুদ্দিনে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande