ডিমৰীয়া আৰু জাগীৰোড সমষ্টিৰ সীমান্তৱৰ্তী অঞ্চলত বালি মাফিয়াৰ দপদপনি
ডিমৰীয়া আৰু জাগীৰোড সমষ্টিৰ সীমান্তৱৰ্তী অঞ্চলত বালি মাফিয়াৰ দপদপনি।
ডিমৰীয়া আৰু জাগীৰোড সমষ্টিৰ সীমান্তৱৰ্তী অঞ্চলত বালি মাফিয়াৰ দপদপনি।


ডিমৰীয়া আৰু জাগীৰোড সমষ্টিৰ সীমান্তৱৰ্তী অঞ্চলত বালি মাফিয়াৰ দপদপনি।


মৰিগাঁও, ১৯ জুলাই (হি.স.)। ডিমৰীয়া আৰু জাগীৰোড সমষ্টিৰ সীমান্তৱৰ্তী অঞ্চলত বালি মাফিয়াৰ দপদপনি।

কলঙৰ বুকুত দিনে-নিশাই চলা অবাধ খননে কঢ়িয়াইছে কলঙৰ ওপৰত নিৰ্মিয়মান দলঙলৈ ভাৱুকি।

ক্ষোভিত ডিমৰীয়াৰ মালয়বাৰীৰ জনতা।

এই দৃশ্য জাগীৰোড আৰু ডিমৰীয়া সমষ্টিৰ মাজেৰে বৈ যোৱা কলং নৈৰ।

জাগীৰোডৰ বৰপাক অঞ্চলৰ পৰা একাংশ লোকে অবৈধভাৱে বালি খনন কৰা ফলত শংকিত হৈ পৰিছে নৈপৰীয়া জনতা।

বিশেষকৈ বালিখননস্থলীৰ বিপৰীত দিশে মথাউৰিৰ গাতে লাগি থকা মালয়বাৰীৰ ৰাইজে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰাত বালি মাফিয়াই ভয়-ভাৱুকি দিয়াৰো অভিযোগ।

আনহাতে বালিখনন কৰা স্থানৰ পৰা প্ৰায় মাত্ৰ ৫০ মিটাৰ নিলগতে ডিমৰীয়াৰ মালয়বাৰী আৰু জাগীৰোডৰ বৰপাক সংযোগ নিৰ্মিয়মান দলঙৰ প্ৰতিও আহিছে ভাৱুকি।

নৈৰ বুকু ক্ৰমাৎ দ' হোৱাত খহিছে গৰা, জলসিঞ্চনৰ পামকেন্দ্ৰৰ প্ৰতিও আহিছে ভাৱুকি।

বনমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতো নগাঁও বন সংমণ্ডলৰ অধীনৰ এই অবৈধ বালি মহলসমূহ কিয় বন্ধ নহয় তাক লৈও প্ৰশ্নৰ উদ্ৰেক ঘটিছে।

ৰাইজৰ দাবী জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই এই ক্ষেত্ৰত শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰি দুয়োপাৰৰ জনতাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰক।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande