
তিনিচুকীয়া, ১৯ জুলাই (হি.স.): মাৰ্ঘেৰিটাত আৰক্ষীৰ জালত পৰিছে ড্ৰাগছসহ অৰুণাচলী আৰক্ষী জোৱান। ড্ৰাগছ সৰবৰাহৰ সময়তে আৰক্ষীৰ হাতত ধৰা পৰিল অৰুণাচলী আৰক্ষী জোৱানৰ সহ চাৰিজন লোক। মাৰ্ঘেৰিটাৰ চাংলাং তিনিআলিত আৰক্ষীয়ে চলোৱা এক অতৰ্কিত অভিযানত ড্ৰাগছৰ ক’লা বেহাৰ সৈতে জড়িত থকাৰ গুৰুতৰ অভিযোগত আটক হৈছে এগৰাকী অৰুণাচলী আৰক্ষী জোৱানসহ মুঠ চাৰিজন সৰবৰাহকাৰী।
বিশেষভাৱে লক্ষণীয় যে, আৰক্ষীৰ জালত পৰা এই চাৰিজনীয়া দলটোৰ ভিতৰত দুগৰাকীয়েই হৈছে মহিলা । মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিলোৎপল দলে আৰু উপ-আৰক্ষী বিষয়া পাৰিজাত দিহিঙ্গীয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে চলাইছিল এই সফল অভিযান। উক্ত অভিযানটোত মাৰ্ঘেৰিটা সম-জিলা আৰক্ষী অধীক্ষক প্ৰাণজিৎ লহকৰ আৰু লিডু আৰক্ষী চকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰৌশন থাপাই সহযোগিতা আগবঢ়ায়। ধৃত সৰবৰাহকাৰী কেইজন ক্ৰমে - হেমচম জংচাম (৩৬) – (অৰুণাচল আৰক্ষীৰ জোৱান), চেংমি মাটচা (৩২), নেংনোম নেংমৌ চাহানী (৩২), আৰু অকুপ ৱাংৰো (২৪)।
অভিযানত ২৪.৩৬ গ্ৰাম (দুটা পেকেট)নিষিদ্ধ হিৰোইন, ১৫,১২০ টকা নগদ ধন আৰু ড্ৰাগছ সৰবৰাহত ব্যৱহৃত এআৰ ১২ এ ২৭০১ নম্বৰৰ এখন বিলাসী গাড়ী জব্দ কৰিবলৈ সক্ষম হয় । ৰক্ষকেই ভক্ষকৰ ৰূপ লোৱা এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । পবিত্ৰ আৰক্ষীৰ পোছাকৰ আঁৰত লুকুৱাই ড্ৰাগছৰ নেটৱৰ্ক চলোৱা এই চক্ৰটোৰ আঁৰত আৰু কোন কোন জড়িত আছে, তাৰ বাবে বৰ্তমান মাৰ্ঘেৰিটা আৰক্ষীয়ে জেৰা আৰু তদন্ত অধিক ক্ষিপ্ৰ কৰি তুলিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ