বাক্সাৰ পূৱ খাগ্ৰাবাৰী আঞ্চলিক শিৱধাম যোগাশ্ৰমত চোৰৰ সন্ত্ৰাস
বাক্সা, ১৯ জুলাই (হি.স.)। বাক্সাৰ পূৱ খাগ্ৰাবাৰী আঞ্চলিক শিৱধাম যোগাশ্ৰমত চোৰৰ সন্ত্ৰাস। পহিলা শাওঁনৰ দিনটোতে চুৰি লুটি নিলে প্ৰায় ২০ হাজাৰ টকাৰ সা-সামগ্ৰী। মন্দিৰৰ পূজাৰীয়ে পূজা অৰ্চনা কৰাবলৈ আহি প্ৰত্যক্ষ কৰে মন্দিৰৰ ভিতৰত কাঁহৰ ঘন্টা, টিলিঙা
বাক্সাৰ পূৱ খাগ্ৰাবাৰী আঞ্চলিক শিৱধাম যোগাশ্ৰমত চোৰৰ সন্ত্ৰাস


বাক্সা, ১৯ জুলাই (হি.স.)। বাক্সাৰ পূৱ খাগ্ৰাবাৰী আঞ্চলিক শিৱধাম যোগাশ্ৰমত চোৰৰ সন্ত্ৰাস। পহিলা শাওঁনৰ দিনটোতে চুৰি লুটি নিলে প্ৰায় ২০ হাজাৰ টকাৰ সা-সামগ্ৰী। মন্দিৰৰ পূজাৰীয়ে পূজা অৰ্চনা কৰাবলৈ আহি প্ৰত্যক্ষ কৰে মন্দিৰৰ ভিতৰত কাঁহৰ ঘন্টা, টিলিঙা আৰু বটা, কলহকে ধৰি বহু কেইবিধ চুৰি হোৱা সা-সামগ্ৰী ।

জালাহ আৰক্ষী চকীৰ প্ৰায় ৫০০শ মিটাৰ আতৰত সংঘটিত হয় উক্ত চুৰি কাণ্ড। পুৰ্বে এনে ঘটনা এই মন্দিৰত ঘটা নাছিল বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জনাই। চুৰি কাণ্ডৰ ঘটনা তদন্তৰ বাবে আহ্বান জনায় মন্দিৰ পৰিচালনা সমিতিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande