
ধুবুৰী, ১৯ জুলাই (হি.স.)। ধুবুৰীত চোৰে চুৰি কৰিবলৈ আহি চোকা অস্ত্ৰৰে আঘাত কৰিলে এজনক। ধুবুৰী চহৰৰ ৩ নম্বৰ ৱার্ড চাৰ্মেন ৰোডত বিশ্বনাথ মজুমদাৰৰ ঘৰত আজি পূৱতি নিশা চোৰে চলালে তাণ্ডৱ লীলা। চিলিণ্ডাৰ, গ্ৰাইণ্ডাৰ মেচিন সহ বহু বস্তু এক গোট কৰিছিল লুটি নিবলৈ। বিশ্ব কাপ ফুটবল খেল চাবলৈ সকলোৱে ব্যস্ত হৈ থকাৰ সময়তেই দুজনকৈ চোৰে সোমালে ঘৰত।
ঘৰৰ সদস্যই চোৰ প্ৰত্যক্ষ কৰাতেই কৰায়ত্ব কৰিবলৈ যাওঁতেই তেওক কৰিলে চোকা অস্ত্ৰৰে আক্ৰমণ। আক্ৰমণ কৰিয়েই চোৰ পলাই যাবলৈ সক্ষম হয়।সাধাৰণতে চহৰৰ মাজতেই সংঘটিত হোৱা এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে চৌদিশে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ