বিলাসীপাৰাত আৰক্ষীৰ অভিযানত ১কোটি টকাৰ য়াবা টেবলেট সহ আটক এজন সৰবৰাহকাৰী
ধুবুৰী, ১৯ জুলাই (হি.স.)। বিলাসীপাৰাৰ ছুৱাপাতা ১ম খণ্ড গাঁৱত আৰক্ষীৰ অভিযান। শালকোচা আৰক্ষীয়ে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ য়াবা টেবলেট সহ আটক এজন সৰবৰাহকাৰী । গাঁও খনৰ হানিফ আলীৰ ঘৰৰ পৰা জব্দ য়াবা টেবলেট সমূহৰ লগতে সৰবৰাহকাৰী জনক । আটক কামৰূপ জিল
বিলাসীপাৰাত আৰক্ষীৰ অভিযানত ১কোটি টকাৰ য়াবা টেবলেট সহ আটক এজন সৰবৰাহকাৰী


ধুবুৰী, ১৯ জুলাই (হি.স.)। বিলাসীপাৰাৰ ছুৱাপাতা ১ম খণ্ড গাঁৱত আৰক্ষীৰ অভিযান। শালকোচা আৰক্ষীয়ে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ য়াবা টেবলেট সহ আটক এজন সৰবৰাহকাৰী । গাঁও খনৰ হানিফ আলীৰ ঘৰৰ পৰা জব্দ য়াবা টেবলেট সমূহৰ লগতে সৰবৰাহকাৰী জনক । আটক কামৰূপ জিলাৰ গৰৈমাৰীৰ আলম আলী ।

আন এজন সৰবৰাহকাৰী কাছেম আলী আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে । পলাতক কাশেম আলীৰ ঘৰও কামৰূপৰ ছয়গাৱত। সম্প্ৰতি ড্ৰাগছৰ ক'ৰিডৰত পৰিণত হৈছে ছুৱাপাতা ১ম খণ্ড । আৰক্ষীয়ে জব্দ কৰা য়াবা টেবলেট খিনিৰ আনুমানিক মূল্য ১কোটি টকা হব ।

পলাতক কাশেম আলীৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande