
ধুবুৰী, ১৯ জুলাই (হি.স.)। বিলাসীপাৰাৰ দামুমাৰাত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ । মহিলা গৰাকীক মানসিক বিকাৰগ্ৰস্ত বুলি সন্দেহ কৰিছে ৰাইজে । নয়াহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰি থানালৈ নিয়ে মৃতদেহটো ।
মহিলা গৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই । চিলাৰায় মুৰ্তিৰ সমীপত মৃতদেহটো উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা