ৰঙিয়াত সন্ধানহীন ৯ বছৰীয়া কিশোৰ
ৰঙিয়াত সন্ধানহীন ৯ বছৰীয়া কিশোৰ।
ৰঙিয়াত সন্ধানহীন ৯ বছৰীয়া কিশোৰ


কামৰূপ, ১৯ জুলাই (হি.স.): কামৰূপ জিলাৰ ৰঙিয়াত সন্ধানহীন হৈ পৰিছে এগৰাকী ৯ বছৰীয়া কিশোৰ। কিশোৰ জনৰ নাম চন্দন তালুকদাৰ বুলি জানিব পৰা গৈছে ৷

মাতৃ দিপা তালুকদাৰৰ অভিযোগ অনুসৰি যোৱা ৮ দিন ধৰি তেওৰ নাবালক পুত্ৰ নিৰুদ্দেশ হৈ আছে। সন্দেহ কৰা হৈছে যে ৰঙিয়া ষ্টেচন গুৰকুছীৰ ৰফিকুল আলী নামৰ এজন যুৱকে চন্দন তালুকদাৰক হয় হত্যা কৰিছে নহ’লে কৰবাত বিক্ৰী কৰিছে ৷ মাতৃ দিপা তালুকদাৰে যোৱা ৮ দিন ধৰি নিৰুদ্দেশ হৈ থকা কিশোৰ চন্দন তালুকদাৰ ৰঙিয়াৰ আলিয়ে গলিয়ে বিচাৰি ফুৰিছে যদিও বৰ্তমানলৈ চন্দন তালুকদাৰৰ কোনো খবৰ পোৱা নাই৷

আনহাতে ৰফিকুলৰ মাতৃয়ে চন্দন তালুকদাৰক সোনকালে বিচাৰি দিব বুলি চন্দনৰ মাতৃ দিপা তালুকদাৰক জনাইছিল ৷ ৮ দিন ধৰি পুত্ৰক বিচাৰি নাপাই অৱশেষত মাতৃ দিপা তালুকদাৰে ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande