
গোলাঘাট, ১৯ জুলাই (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱৰ পৌৰ সভাৰ ৱাৰ্ড কমিছনাৰৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ উঠিছে ৯ নং ৱাৰ্ড সদস্য ৰূপাঞ্জলি বৰাৰ বিৰুদ্ধে । ৯ নং ৱাৰ্ডৰ বাসিন্দা জামালুদ্দিন আহমেদ নামৰ ব্যক্তি জনক এখন আয়ৰ প্ৰমাণ পত্ৰ নিদিয়াৰ অভিযোগ উঠিছে ।
জানিব পৰামতে, ৯ নং ৱাৰ্ডৰ বাসিন্দা জামালুদ্দিন আহমেদে আয়ৰ প্ৰমাণ পত্ৰ বাবে আবেদন জনাইয়ো এয়া লাভ কৰিবলৈ সমৰ্থ হোৱা নাই ।প্ৰমাণ পত্ৰ বিচাৰি ৱাৰ্ড সদস্য জনক বহু বাৰ অনুৰোধ কৰিও বঞ্চিত হৈ ৰৈছে এই দৰিদ্ৰ পৰিয়ালটি । সামান্য এখন কাগজৰ বাবে পৌৰসভা কাৰ্যালয়লৈ তাতবাটি কৰি ভাগৰি পৰিছে এই পৰিয়ালটো । পূৰ্বেও বহু অভিযোগ আছে উক্ত ৱাৰ্ড সদস্য গৰাকীৰ বিৰুদ্ধে । উপায়ন্তৰ হৈ পৌৰ সভাৰ পৌৰপতিৰ কাষ চাপিছে ভুক্ত ভুগি পৰিয়ালটোৱে । শেহতীয়াকৈ পৌৰ সভাই বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ