গৌৰীপুৰত আৰক্ষীৰ অভিযানত ই-ৰিক্সাৰ পৰা ৬৮.৫৭ কেজি নিষিদ্ধ গো-মাংসসহ দুজনক আটক
গৌৰীপুৰত আৰক্ষীৰ অভিযান ই-ৰিক্সাৰ পৰা ৬৮.৫৭ কেজি নিষিদ্ধ গো-মাংস হস দুজন আটক৷
গৌৰীপুৰত আৰক্ষীৰ অভিযানত ই-ৰিক্সাৰ পৰা ৬৮.৫৭ কেজি নিষিদ্ধ গো-মাংসসহ দুজনক আটক


ধুবুৰী, ১৯ জুলাই (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত যোৱা কালি শনিবাৰে বিয়লি আৰক্ষীৰ অভিযান ই-ৰিক্সাৰ পৰা ৬৮.৫৭ কেজি নিষিদ্ধ গো-মাংস জব্দ কৰা হয়। ইয়াৰ লগতে দুজন লোকক আটক কৰা হৈছে ৷ ই-ৰিক্সাৰে নিষিদ্ধ গো-মাংস সৰবৰাহ কৰাৰ চেষ্টা কৰাৰ সময়তে লোক দুজন কৰায়ত্ত হয় ৷

প্ৰাপ্ত তথ্য়মতে ই-ৰিক্সাৰে দাওভাংগীৰ পৰা গৌৰীপুৰ অভিমুখে নিষিদ্ধ গো-মাংস কঢ়িয়াই আনিছিল ৷ গোপন তথ্যৰ ভিত্তিত গৌৰীপুৰৰ আৰক্ষীয়ে গৌৰীপুৰৰ নাৰী সমিতিত তালাচীৰ সময়ত ই-ৰিক্সা খনৰ চালকৰ আসনৰ তলত লুকুৱাই ৰখা ৬৮.৫৭ কিলোগ্ৰাম নিষিদ্ধ গো-মাংস উদ্ধাৰ কৰে ৷ এই গো–মাংস সৰবৰাহকাৰী ক্ৰমে গঞ্জিৰ আলী আৰু ছুৰজামাল সেখক আটক কৰে। ধৃত দুয়োগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ জানিব পৰামতে, এএছ ১৭ জিআৰ ২৯৮৬ নম্বৰৰ ই-ৰিক্সা খনৰে নিষিদ্ধ গো-মাংস সৰবৰাহ কৰা হৈছিল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande