ধিং আৰক্ষীৰ জালত পৰিল একেলগে ধিঙৰ তিনি ড্ৰাগছ সৰবৰাহকাৰী
নগাঁও, ১৯ জুলাই (হি.স.)। ধিং আৰক্ষীৰ জালত পৰিল একেলগে ধিঙৰ তিনি ড্ৰাগছ সৰবৰাহকাৰী। এক বিশেষ গোপন খবৰৰ ভিত্তিত ধিং আৰক্ষীয়ে ধিং বজাৰত চলোৱা অভিযানত এই তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে— ধিঙৰ ভকতগা
ধিং আৰক্ষীৰ জালত পৰিল একেলগে ধিঙৰ তিনি ড্ৰাগছ সৰবৰাহকাৰী


নগাঁও, ১৯ জুলাই (হি.স.)। ধিং আৰক্ষীৰ জালত পৰিল একেলগে ধিঙৰ তিনি ড্ৰাগছ সৰবৰাহকাৰী। এক বিশেষ গোপন খবৰৰ ভিত্তিত ধিং আৰক্ষীয়ে ধিং বজাৰত চলোৱা অভিযানত এই তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে— ধিঙৰ ভকতগাঁৱৰ দেৱজিৎ নাথ, ধিং বজাৰৰ মহাম্মদ কাইফ আৰু ৰি উল আলী । আৰক্ষীয়ে তিনিওজন অভিযুক্তক লগত লৈ নিশা ধিঙৰ আঠগাঁও বনাঞ্চলত অভিযান চলাই ড্ৰাগছ ভৰ্তি ৬টা কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়।

অভিযোগ অনুসৰি, এই তিনি ড্ৰাগছ সৰবৰাহকাৰীয়ে বিগত বহুদিন ধৰি ধিং চহৰত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। কিন্তু অৱশেষত এক গোপন খবৰৰ ভিত্তিত ধিং আৰক্ষীয়ে চলোৱা অভিযানত জালত পৰে এই তিনি ড্ৰাগছ সৰবৰাহকাৰী।

বৰ্তমান ধিং আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দেৱজিৎ নাথ, কাইফ আৰু ৰি উলক ক অধিক তথ্যৰ বাবে তিনিওজনক মাৰাথান জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande