গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ মূল কাৰণ কংগ্ৰেছৰ অপৰিকল্পিত নগৰ উন্নয়ন-বিজেপি
–ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা স্থায়ী সমাধানৰ দিশেঃ মানস শৰণীয়া গুৱাহাটী, ১৮ জুলাই (হি.স.)। অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মানস শৰণীয়াই গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰিছে। কংগ্ৰেছৰ অ
বিজেপিৰ দলীয় পতাকা


–ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা স্থায়ী সমাধানৰ দিশেঃ মানস শৰণীয়া

গুৱাহাটী, ১৮ জুলাই (হি.স.)। অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মানস শৰণীয়াই গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰিছে। কংগ্ৰেছৰ অপৰিকল্পিত নগৰায়ণ, জলাশয়-পিটনি ধ্বংস, নলা-নৰ্দমা পুতি গঢ়ি উঠা অবৈধ বেদখলৰ ফল আজিৰ গুৱাহাটীৰ কৃত্ৰিম বান বুলি দাবী কৰে মানস শৰণীয়াই।

তেওঁৰ মতে, কংগ্ৰেছ চৰকাৰে দীৰ্ঘ সময় অসমত শাসন কৰাৰ সময়ছোৱাত গুৱাহাটীৰ পৰিকল্পিত নগৰ উন্নয়নৰ পৰিৱৰ্তে এক বিশৃংখল নগৰ বিস্তাৰৰ পথ প্ৰশস্ত কৰিছিল৷ যাৰ পৰিণতিত আজি মহানগৰবাসীয়ে কৃত্ৰিম বানত ভুগিবলগীয়া হৈছে। শৰণীয়াই দাবী কৰে যে পূৰ্বে অনিল নগৰ, নবীন নগৰ, শক্তিগড়, কছাৰী বস্তি, পূব শৰণীয়া আদি অঞ্চলত বিস্তৃত পিটনি, জলাশয় আৰু খেতিপথাৰ আছিল। সময়ৰ লগে লগে এই প্ৰাকৃতিক জলধাৰণ ব্যৱস্থাসমূহ বেদখল আৰু পুতি পেলোৱাৰ ফলত বৰষুণৰ পানী স্বাভাৱিকভাৱে নিষ্কাশিত হোৱাৰ পথ সংকুচিত হয়। এই বেদখলৰ অধিকাংশই কংগ্ৰেছৰ শাসনকালত সংঘটিত হৈছিল৷ কিন্তু তেতিয়াৰ চৰকাৰে সমস্যাৰ স্থায়ী সমাধানৰ বাবে কোনো সুদূৰপ্ৰসাৰী ব্যৱস্থা গ্ৰহণ কৰা নাছিল। শৰণীয়াৰ মতে, গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ আন এক গুৰুত্বপূৰ্ণ কাৰণ হৈছে মেঘালয়ৰ পাহাৰীয়া অঞ্চলৰ পৰা নামি অহা প্ৰচুৰ বৰষুণৰ পানী।

বিশেষকৈ ইউএছটিএম ৰ পৰা নামি অহা পানী অতি কম সময়ৰ ভিতৰতে শিলসাঁকো অঞ্চলত প্ৰৱেশ কৰে৷ কিন্তু মহানগৰীৰ পৰা পানী ওলাই যাবলৈ বহু সময় লাগে। ইয়াৰ ফলত বহু অঞ্চলত জলাবদ্ধতাৰ সৃষ্টি হয়। শৰণীয়াই কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ ৰাজ্য চৰকাৰে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ স্থায়ী সমাধানৰ লক্ষ্যৰে পৰিকল্পিত আৰু বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে বহু গুৰুত্বপূৰ্ণ স্থানত ইতিবাচক ফলাফল দেখা গৈছে। যোৱা বছৰ সামান্য বৰষুণ হ'লেই আমবাৰীস্থিত অগপ কাৰ্যালয়ৰ সন্মুখভাগ, বি. বৰুৱা মহাবিদ্যালয়ৰ সন্মুখ, এক্সেল কেয়াৰ হাস্পতালৰ সন্মুখ, বালুমুখ, ৰুক্মিণীগাঁও আদি অঞ্চলত ভয়াবহ জলাবদ্ধতাৰ সৃষ্টি হৈছিল। কিন্তু চৰকাৰে গ্ৰহণ কৰা সময়োপযোগী ব্যৱস্থা, নলা-নৰ্দমা উন্নয়ন, পলি অপসাৰণ, পাম্পিং ব্যৱস্থা শক্তিশালীকৰণ আৰু নতুন ষ্টৰ্ম ৱাটাৰ ড্ৰেইন নিৰ্মাণৰ ফলত এইবাৰ এই অঞ্চলসমূহত পৰিস্থিতিৰ লক্ষণীয় উন্নতি দেখা গৈছে। তেওঁ কয় যে, ইউ এছ টি এম অভিমুখৰ পৰা নামি অহা বৰষুণৰ পানী দ্ৰুতগতিত নিষ্কাশনৰ বাবে জুৰিপাৰৰ পৰা শিলসাঁকোলৈ নতুন বহল নলা নিৰ্মাণৰ বিজ্ঞানসন্মত পৰিকল্পনা হাতত লোৱা হৈছে। একেদৰে যোৰাবাটত সৃষ্টি হোৱা জলাবদ্ধতাৰ পানী ডিগাৰু নদীৰ দিশলৈ নিয়াৰ বাবেও বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে আৰু অতি শীঘ্ৰে ইয়াৰ কাম আৰম্ভ হ'ব বুলি তেওঁ উল্লেখ কৰে।

শৰণীয়াই লগতে কয় যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু দূৰদৰ্শী নেতৃত্বৰ ফলতেই গুৱাহাটীৰ কৃত্ৰিম বানপানী নিয়ন্ত্ৰণৰ বাবে কেইবাটাও বৃহৎ প্ৰকল্প একেলগে ৰূপায়ণ হৈ আছে। ইয়াৰ ভিতৰত আছে—

(১) ৰুক্মিণীগাঁও ক্লক টাৱাৰৰ পৰা লাষ্টগেট হৈ ছুপাৰ মাৰ্কেটলৈ বি. এন. শইকীয়া নলা নিৰ্মাণ (প্ৰায় ৭০ শতাংশ সম্পূৰ্ণ)।

(২) পিবকো পইণ্টৰ পৰা দিছপুৰলৈ এনডিএমএফ আঁচনিৰ অধীনত ষ্টৰ্ম ৱাটাৰ ড্ৰেইন নিৰ্মাণ।

(৩) হাতীগাঁৱৰ পৰা সিজুবাৰীলৈ বশিষ্ঠ নদীৰ সংযোগস্থললৈ ড্ৰেইন নিৰ্মাণ (প্ৰায় ৭০ শতাংশ সম্পূৰ্ণ)।

(৪) অনিল নগৰ, নবীন নগৰ, লাচিত নগৰ, ৰাজগড় পথ আদি অঞ্চলত ভৰলু নদীৰ পলি অপসাৰণ আৰু পাম্প হাউচৰ সৈতে সংযোগ উন্নয়ন।

(৫) জলসম্পদ বিভাগৰ জৰিয়তে ডিৱাটাৰিং পাম্পৰ সংখ্যা বৃদ্ধি আৰু আউটফল পাম্পিং ষ্টেচনৰ ক্ষমতা সম্প্ৰসাৰণ।

(৬) মালিগাঁও–বৰিপাৰা অঞ্চলৰ জলাবদ্ধতা দূৰীকৰণৰ বাবে কামাখ্যা ষ্টেচনৰ পৰা ব্ৰহ্মপুত্ৰলৈ সংযোগী ষ্টৰ্ম ৱাটাৰ ড্ৰেইনৰ পৰিকল্পনা।

(৭) ৰূপনগৰৰ পৰা শ্ৰীমন্তপুৰলৈ নতুন ড্ৰেইন নিৰ্মাণৰ প্ৰাককলন প্ৰস্তুত।

(৮) সাতগাঁও আৰ্মী গেটৰ পৰা পাথৰ কোৱাৰী ব্ৰীজলৈ ড্ৰেইন নিৰ্মাণ।

(৯) লালমাটি, গোটানগৰ, এক্সেল কেয়াৰ হাস্পতালৰ সন্মুখ আৰু যোৰাবাটত নলা-কালভাৰ্ট পৰিষ্কাৰ, পলি অপসাৰণ আৰু ট্ৰলী পাম্প স্থাপন।

(১০) বশিষ্ঠ চাৰিআলিৰ পৰা জৱাহৰ নগৰলৈ প্ৰায় ১.১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ষ্টৰ্ম ৱাটাৰ ড্ৰেইন নিৰ্মাণ।

(১১) এক্সেল কেয়াৰ–বৰাগাঁৱৰ পৰা দীপৰ বিললৈ নতুন ষ্টৰ্ম ৱাটাৰ ড্ৰেইন।

(১২) যোৰাবাটৰ পৰা ডিগাৰু নদীলৈ মাটিৰ নলা নিৰ্মাণ।

শৰণীয়াই কয়, এই সকলো আঁচনি ধাপে ধাপে সম্পূৰ্ণ হোৱাৰ লগে লগে গুৱাহাটীৰ অধিকাংশ জলাবদ্ধ এলেকা কৃত্ৰিম বানপানীৰ সমস্যাৰ পৰা মুক্ত হ'ব। ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ লক্ষ্য কেৱল সাময়িক সমাধান দিয়া নহয়৷ বৰং আধুনিক, বিজ্ঞানসন্মত আৰু পৰিকল্পিত আন্তঃগাঁথনি গঢ়ি তুলি গুৱাহাটীক এক সুপৰিকল্পিত আৰু বান-সহনশীল মহানগৰ হিচাপে গঢ়ি তোলা।

গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানত চৰকাৰ আন্তৰিকভাৱে দায়বদ্ধ। বহু দশক ধৰি সৃষ্টি হোৱা সমস্যাৰ সমাধান এদিনতে সম্ভৱ নহয় যদিও সঠিক পৰিকল্পনা, সদিচ্ছা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰে এই সমস্যাৰ স্থায়ী সমাধানৰ দিশে অসম চৰকাৰ দৃঢ়তাৰে কাম কৰি আছে৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande