হাইলাকান্দিৰ ৩০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ, মূল অভিযুক্ত মাচুম আহমদক গ্ৰেপ্তাৰ
হাইলাকান্দি, ১৮ জুলাই (হি.স.)। কিছুদিন পূৰ্বে হাইলাকান্দিত ৩০ হাজাৰ ইয়াবা টেবলেট উদ্ধাৰ গোচৰৰ মূল অভিযুক্ত মাচুম আহমেদ চৌধুৰীক বৃহস্পতিবাৰে গভীৰ নিশা স্থানীয় কুচিলা এলেকাত গোপন সূত্ৰৰ ভিত্তিত চলোৱা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হয়। ধৃত মাচুম হাইলাক
হাইলাকান্দিৰ ৩০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ, মূল অভিযুক্ত মাচুম আহমদক গ্ৰেপ্তাৰ


হাইলাকান্দি, ১৮ জুলাই (হি.স.)। কিছুদিন পূৰ্বে হাইলাকান্দিত ৩০ হাজাৰ ইয়াবা টেবলেট উদ্ধাৰ গোচৰৰ মূল অভিযুক্ত মাচুম আহমেদ চৌধুৰীক বৃহস্পতিবাৰে গভীৰ নিশা স্থানীয় কুচিলা এলেকাত গোপন সূত্ৰৰ ভিত্তিত চলোৱা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হয়। ধৃত মাচুম হাইলাকান্দি জিলাৰ ৰাংগাউটি প্ৰথম খণ্ড গাঁৱৰ বাসিন্দা আৰু ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল।

শুকুৰবাৰে হাইলাকান্দি থানাৰ ১০৬/২০২৬ নম্বৰৰ গোচৰত এনডিপিএছ আইনৰ ২২(চি) আৰু ২৫ ধাৰাৰ অধীনত তেওঁক আদালতত হাজিৰ কৰোৱা হয়। তদন্তৰ স্বাৰ্থত পাঁচ দিনৰ আৰক্ষী জিম্মাৰ আবেদন জনাইছে আৰক্ষীয়ে।ইফালে, ধৃতৰ বাসগৃহত তালাচী চলাই এ এছ ১১ ১৪৪৪ নম্বৰৰ এখন মাহিন্দ্ৰা থাৰ বাহন আৰু নম্বৰ বিহিন এটা স্কৰপিও বাহনও জব্দ কৰা হৈছে। মাদক সৰবৰাহত বাহন দুখন ব্যৱহাৰ কৰা হৈছিল নেকি সেয়া তদন্ত কৰি আছে আৰক্ষীয়ে। আৰক্ষীৰ মতে, মাচুম দীৰ্ঘদিন ধৰি এক মাদক সৰবৰাহ চক্ৰ চলাই আহিছিল। তেওঁৰ গ্ৰেপ্তাৰে এই চক্ৰৰ সৈতে জড়িত আন লোকসকলৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য লাভৰ আশা কৰিছে তদন্তকাৰী দল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande