
পশ্চিম কাৰ্বি আংলং, ১৮ জুলাই (হি.স.)। পশ্চিম কাৰ্বি আংলং ৰ হাৱাইপুৰ অঞ্চলত বনৰীয়া হাতীৰ সন্ত্ৰাসে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। শেহতীয়াকৈ গুহাগাওঁৰ দুলন নাথৰ ঘৰত নিশা দুটা প্ৰকাণ্ড হাতীয়ে প্ৰৱেশ কৰি তাণ্ডৱ সৃষ্টি কৰে। পৰিয়ালটোৱে প্ৰাণৰ মমতাত পলাই সাৰিবলৈ সক্ষম হ’লেও, হাতীয়ে ঘৰটোৰ খিৰিকী, গ্ৰীল আৰু সা-সম্পত্তি ভাঙি লণ্ডভণ্ড কৰে।
দিন হাজিৰা কৰি পেট প্ৰবৰ্তন কৰা দুখীয়া পৰিয়ালটো এতিয়া সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰিছে। দীৰ্ঘদিন ধৰি এনে ধৰণৰ সমস্যা চলি আহিলেও বন বিভাগ আৰু চৰকাৰে কোনো ধৰণৰ ক্ষতিপূৰণ বা সুৰক্ষা প্ৰদান নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ভুক্তভোগী পৰিয়ালটোক শীঘ্ৰে চৰকাৰী সাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰ আৰু বন বিভাগৰ ওচৰত দাবী জনোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা