
ধুবুৰী, ১৮ জুলাই (হি.স.)। আগমনিৰ ঘৰিয়ালডাঙাত উত্তপ্ত পৰিস্থিতি। ছাগলী চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। হালাকুৰা পহৰা চকীৰ অন্তৰ্গত ঘৰিয়ালডাঙাত ৰাতিপুৱাই ই ৰিক্সাৰে ছাগলী চুৰি কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰে মহিবুল হক, হাছেন আলী আৰু মিনাজুল আলী।
ৰাইজে উত্তম মাধ্যম সোধাই হালাকুৰা আৰক্ষীক খৱৰ দিয়ে। আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ তিনি ছাগলী চোৰক উত্তেজিত ৰাইজৰ পৰা উদ্ধাৰ কৰি ই ৰিক্সা সহ চোৰ কেইটাক হালাকুৰা পহৰা চকীলৈ আনে। ধৃত মহিবুল হক আৰু হাছেন আলীৰ ঘৰ বিদ্যাৰডাবৰী পঞ্চম খণ্ডত আনহাতে মিনাজুল হকৰ ঘৰ জিনকাটা দ্বিতীয় খণ্ডত। উল্লেখ যে হালাকুৰা অঞ্চলত নিচাজাতীয় সামগ্ৰী, ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাত সঘনাই চুৰি কাণ্ড সংঘটিত হৈছে। ড্ৰাগছৰ ক্ষেত্ৰত হালাকুৰা আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰাত বৃহত্তৰ হালাকুৰা অঞ্চলত সঘনাই চুৰি কাণ্ড সংঘটিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ