স্বাধীনতাৰ ৭ দশকে এখন পকী দলঙৰ মুখ নেদেখিলে ওদালগুৰি খৈৰাবাৰীৰ উত্তৰ চাবুকধৰা বাসীয়ে
ওদালগুৰি, ১৮ জুলাই (হি.স.)। স্বাধীনতাৰ ৭ দশকে এখন পকী দলঙৰ মুখ নেদিখিলে ওদালগুৰি খৈৰাবাৰীৰ উত্তৰ চাবুকধৰা বাসীয়ে।বছৰ বছৰ ধৰি কাল পানী নদীত বাহৰ দলং কিম্বা বাহৰ সাঁকোৰে বিপদ সংকুল যাতায়াত কৰি আহিছে অঞ্চলটোৰ ৰাইজে।বাৰম্বাৰ স্থানীয় প্ৰতিনিধি কিম্বা বি
স্বাধীনতাৰ ৭ দশকে এখন পকী দলঙৰ মুখ নেদেখিলে ওদালগুৰি খৈৰাবাৰীৰ উত্তৰ চাবুকধৰা বাসীয়ে


ওদালগুৰি, ১৮ জুলাই (হি.স.)। স্বাধীনতাৰ ৭ দশকে এখন পকী দলঙৰ মুখ নেদিখিলে ওদালগুৰি খৈৰাবাৰীৰ উত্তৰ চাবুকধৰা বাসীয়ে।বছৰ বছৰ ধৰি কাল পানী নদীত বাহৰ দলং কিম্বা বাহৰ সাঁকোৰে বিপদ সংকুল যাতায়াত কৰি আহিছে অঞ্চলটোৰ ৰাইজে।বাৰম্বাৰ স্থানীয় প্ৰতিনিধি কিম্বা বিভাগক অনুৰোধ কৰাৰ পিছতো কোনোৱে গুৰুত্ব নিদিয়াৰ অভিযোগ।

যা'ৰ ফলত অঞ্চলবাসী ৰাইজে গাথীৰ ধন খৰছ বছৰি দুবাৰকৈ বাহ বেতেৰে দলং সাজি যাতায়ত কৰি আহিছে।ওদালগুৰি জিলাৰ নৱ গঠিত ভেৰগাঁও বিধানসভা সমষ্টি তথা বিটিচি খৈৰাবাৰী সমষ্টিৰ উত্তৰ চাবুকধৰা গাঁৱৰ কাল পানী নদীত অৱস্থিত এই দলং।বাৰিষা আহিলে উফন্দি কালা নদীৰ পানীয়ে বিধ্বংসী ৰূপ লয়, ফলত নদীৰ দুই পাৰে থকা মানুহৰ স্তব্ধ হৈ পৰে যাতায়ত।খৈৰাবাৰীৰ পৰা চাবুকধৰা ,আটেলিয়া, হৈ টংলা আৰু কলাইগাঁৱলৈ অহা যোৱা কৰিব পৰা এই পথটিৰ অৱস্থা একেবাৰেই শোচনীয়।চৰকাৰ আহে আৰু গুছি যায় কাৰোৰে আহৰি নাই , ৰাইজে বাৰম্বাৰ জনোৱাৰ পিছতো কনোৱে গুৰুত্ব নিদিয়াৰ অভিযোগ।প্ৰতিবাৰে নিৰ্বাচনৰ প্ৰাকক্ষণত নেতা পালি নেতাবোৰে দলং নিৰ্মাণৰ প্ৰতিশ্ৰতি দিয়ে যদিও পৰৱৰ্তী পৰ্যায়ত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ। যাৰ ফলত আজিকোপতি নিৰ্মাণ নহল দলং।সেয়েহে অতি শীঘ্ৰেই দলং নিৰ্মাণৰ দাবী স্থানীয় লোকৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande