
তামুলপুৰ, ১৮ জুলাই (হি.স.)। তামুলপুৰ জিলাৰ এগৰাকী নীৰৱ প্ৰকৃতি প্ৰেমী ভাৰত- ভূটান সীমান্তৰ গুৱাবাৰী নিবাসী তিলক খৰ্কাই পৱিত্ৰ শাওণ মাহ উপলক্ষে সম্পূৰ্ণ একক প্ৰচেষ্টাত আজিৰে পৰা ভাৰত-ভূটান সীমান্তবৰ্তী অঞ্চলসমূহত ৫ হাজাৰ গছপুলি ৰোপণ কৰাৰ প্ৰচেষ্টা হাতত হৈছে। আজি গুৱাবাৰী গোৰ্খা ভৱনত এই গছপুলিৰ শুভাৰম্ভ কৰি কিছু গছপুলি ৰোপণ কৰে৷
উল্লেখযোগ্য যে অসম চৰকাৰৰ ৪ৰ্থ বৰ্গৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তিলক খৰ্কাই বিগত বহুবছৰ ধৰি বিভিন্ন উপলক্ষত বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানত গছপুলি ৰোপণ কৰাৰ উপৰিও বিবাহ সবাহ উপলক্ষে গছপুলি উপহাৰ হিচাপে প্ৰদান কৰি আহিছে ৷ জীৱিত কালতে লক্ষাধিক গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰা সমাজকৰ্মী তিলক খৰ্কাই ইতিমধ্যে তিনি সহস্ৰাধিক গছপুলি ৰোপণ কৰিছে ৷ সমাজকৰ্মী মোহন ৰায়ে আঁতধৰা আজি গছপুলি ৰোপণ কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী উপেন ছেত্ৰী, মহিলা সমিতিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা