
শোণিতপুৰ, ১৮ জুলাই (হি.স.)। শোণিতপুৰ জিলাৰ সোনাই ৰূপাই অভয়াৰণ্যৰ কিছু অংশ বেদখলমুক্ত হোৱাৰ পিছত এতিয়া এটাৰ পিছত আন এটা দুষ্প্ৰাপ্য বন্যপ্ৰাণী দেখা গৈছে অভয়াৰণ্য খনত৷ প্ৰথমবাৰৰ বাবে অভয়াৰণ্য খনত দেখা পোৱা গৈছে বিশ্বৰ অন্যতম দুৰ্লভ নিশাচৰ প্ৰাণী—লাজুকী বান্দৰ বা Slow Loris। এই আৱিষ্কাৰে অভয়াৰণ্য খনৰ সমৃদ্ধ জীৱ বৈচিত্ৰ্যৰ এক নতুন অধ্যায় উন্মোচন কৰিছে।
প্ৰকৃতিপ্ৰেমী আৰু বন্যপ্ৰাণী অনুৰাগী সকলৰ বাবে এইটো এক গৌৰৱময় মুহূৰ্ত। সোনাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰথমবাৰৰ বাবে লাজুকী বান্দৰৰ উপস্থিতি নিশ্চিত হোৱাত সংৰক্ষণবিদ আৰু বন বিভাগৰ মাজত উৎসাহৰ সৃষ্টি হৈছে।
লাজুকী বান্দৰ এক অত্যন্ত লাজুক, নিৰীহ আৰু নিশাচৰ স্তন্যপায়ী প্ৰাণী।
দিনৰ ভাগত গছৰ ডালত লুকাই থাকে আৰু নিশা খাদ্যৰ সন্ধানত ওলাই আহে। ইয়াৰ উপস্থিতিয়ে অভয়াৰণ্য খনৰ পৰিৱেশ সুস্থ আৰু বন্যপ্ৰাণীৰ বাবে উপযোগী বুলি পুনৰ প্ৰমাণ কৰিলে। বন্যপ্ৰাণী বিশেষজ্ঞ সকলৰ অনুসৰি, এনে দুৰ্লভ প্ৰজাতিৰ অস্তিত্ব সংৰক্ষণৰ বাবে বনাঞ্চল সুৰক্ষিত ৰখা, অবৈধ গছ কটা আৰু বন্যপ্ৰাণী চিকাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাটো অতি প্ৰয়োজনীয়। প্ৰকৃতিৰ অন্যন্য উপাদানৰে সমৃদ্ধ সোনাই ৰূপাই অভয়াৰণ্যত ৰাজনীতিৰ স্বাৰ্থত একাংশ বেদখলকাৰীক মুকলি কৰি দিয়া হৈছে যদিও ভাৰতীয় সেনাই ১৪০ হেক্টৰ ভুমি বনবিভাগক গতাই দিয়াৰ পিছত দেখা গৈছে ক্ৰমান্বয়ে এই পৰিবেশ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা