হাজোৰ বাগটাত বিদ্য়ালয়ত চুৰি কাণ্ড সংঘটিত
হাজোৰ বাগটাত সংঘটিত হৈছে এক চুৰি কাণ্ড।
হাজোৰ বাগটাত বিদ্য়ালয়ত চুৰি কাণ্ড সংঘটিত


কামৰূপ, ১৮ জুলাই (হি.স.): কামৰূপ জিলাৰ হাজোৰ বাগটাত সংঘটিত হৈছে এক চুৰি কাণ্ডৰ ঘটনা । এখন বিদ্যালয়ত প্ৰৱেশ কৰি চোৰে চলালে চাফাই অভিযান ।

পশ্চিম বাগটা ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত চোৰে লুট পাত চলায় । বিদ্যালয় খনৰ সকলো সা-সামগ্ৰী লুটি নিলে চোৰে । গ্ৰীষ্ম বন্ধৰ সুযোগ লৈ চোৰে বিদ্যালয়ত চলালে চাফাই অভিযান । ঘটনা সন্দৰ্ভত হাজো আৰক্ষীত থানাত এজাহাৰ দাখিল কৰা হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande