
শিৱসাগৰ, ১৮ জুলাই (হি.স.): শিৱসাগৰ জিলাৰ নাজিৰা - শিমলুগুৰি সংযোগী দিখৌ নদীৰ ৰেল'ৱে দলঙৰ ওপৰত ৰে’লৰ খুন্দাত এজন ৪২ বছৰীয়া ব্যক্তি নদীৰ জলধাৰাত ওফৰি পৰি সন্ধানহীন হয় । ঘটনা মৰ্মে, কালি নিশা নাজিৰা - শিমলুগুৰি সংযোগী ৰে’লপথেদি এজন ব্যক্তি আহি থকা অৱস্থাত উজনিমুৱা এক্সপ্ৰেছ ৰে'লৰ খুন্দাত ব্যক্তি জন ওফৰি গৈ দিখৌ নদীৰ জলধাৰাত পৰি সন্ধানহীন হয় ।
ৰে'ল পথৰ দলঙত পৰি যোৱা ব্যক্তিজনৰ এটা বেগত কাপোৰৰ লগতে গীতা দেৱী নামৰ এগৰাকী মহিলাৰ আধাৰ কাৰ্ড আৰু তপেশ্বৰ ৰায়ৰ ভোটাৰ কাৰ্ড উদ্ধাৰ হোৱাত ব্যক্তি জন বিহাৰৰ মুজাফৰপুৰ জিলাৰ মহুলী চৌমূখ অঞ্চলৰ তপেশ্বৰ ৰায় বুলি চিনাক্ত কৰে শিমলুগুৰি ৰে'ল জংচনৰ জি আৰ পি এফৰ আৰক্ষীয়ে । দিখৌ নদীৰ প্ৰৱল সোঁতে উটুৱাই নিয়াত বৰ্তমানলৈকে ব্যক্তিজনক উদ্ধাৰ কৰিব পৰা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ