
নলবাৰী, ১৮ জুলাই (হি.স.)। ৰঙিয়াৰ চেপ্তিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
নলবাৰীৰ দিশে গৈ থকা বেলেনো বাহনে খুন্দিয়ালে ট্ৰাকক ।
কথমপি প্ৰানৰক্ষা বেলেনো বাহনত গৈ থকা পিতা-পুত্ৰৰ।
সন্মুখত গৈ থকা ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা বেলেনোৰ ।
সংঘৰ্ষত বেলেনো বাহন খনৰ সন্মুখভাগ যথেষ্ট ক্ষতিসাধন হয় ।
দুৰ্ঘটনাত কমলপুৰৰ গিৰিশ কলিতা আৰু কুলৰাজ কলিতাৰ কথমপি প্ৰাণৰক্ষা পৰে।
সৌভাগ্যক্ৰমে দুই পিতা পুত্ৰ কিছু আঘাতপ্ৰাপ্ত হোৱাত
স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে তৎপৰতাৰে উদ্ধাৰ কৰি দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰায়।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে কিছু সময় যান জঁটৰ সৃষ্টি হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা