
বৰপেটা, ১৮ জুলাই (হি.স.)। বাঘবৰত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বোলেৰো বাহনে মহতিয়াই নিয়ে ই-ৰিক্সাক ।বৰপেটা-বাঘবৰ সংযোগী ৰাজ্যিক ঘাইপথৰ সত্ৰকণৰা ১৪ নং ছিটত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।
সংঘৰ্ষত চালকসহ ৬ জনকৈ আৰহী গুৰুতৰভাৱে আহত । আহত লোক ক্ৰমে মৰিয়ম খাতুন (১০) , তামান্না জান্নাত (৩), আলামিন (৭) , ইলোৰা খাতুন (৩০) উফাজ উদ্দিন (৪৫) । আহত লোক কেইজনক ততাতৈয়াকৈ স্থানীয় লোকে গুৰুতৰ অবস্থাত বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ