
কামৰূপ, ১৮ জুলাই (হি.স.)। ৰঙিয়াত চোৰ প্ৰৱঞ্চকৰ টিঘিলঘিলনি ।
আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ সংঘটিত কৰিছে ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনা ।
এইবাৰ প্ৰৱঞ্চকৰ টাৰ্গেট
ভাৰতীয় সেনাত কৰ্মৰত এগৰাকী অৱসৰপ্ৰাপ্ত জোৱান।
কোনো এগৰাকী অচিন লোকে অতৰ্কিতে এটিএম সলনি কৰি লুট কৰিছে ৯০ হেজাৰ টকা
ঘটনা অনুসৰি পূৰ্বে সেনাত কৰ্মৰত ৰঙিয়াৰ জাবেড আলী যোৱা ১০ তাৰিখে এটিএম ত পইচা উলিয়াবলৈ আহিছিল ৰঙিয়া নগৰলৈ। তেওঁৰ ঠিক পাছফালে থকা এজন যুৱকক পইচা উলিয়াই দিবৰ বাবে অনুৰোধ জনাইছিল জাবেদ আলীয়ে। যুৱক জনে এটিএম ৰ পিন নং চাই থকাৰ লগতে জাবেদ আলীৰ বেংক একাউণ্টত পইচা থকা বুলি জানি। একাউণ্টত পইচা নাই নাই বুলি জাবেদ আলীক জনাই যুৱক জনে। পাছত ঘৰলৈ ঘূৰি আহে জাবেদ আলী। পাছত গ'ম পায় যে অচিনাকি যুৱক জনে অন্য এখন এটিএম তেখেতক দি পঠাইছে। লগতে ৰঙিয়াৰ বিভিন্ন এটিএম ৰ পৰা প্ৰায় ৯০ হেজাৰ টকা উলিয়াই লৈ যায়। ইতিমধ্যে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী লোকজনে। অচিৰেই আৰক্ষীক ব্যবস্থা ল'বলৈ আহ্বান জনাইছে পৰিয়ালে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা