মহানগৰীৰ আজাৰাত মাতৃৰ মৃতদেহ সৎকাৰৰ বাবে গৈ পথ দূৰ্ঘটনাত নিহত পুত্ৰ
গুৱাহাটী, ১৮ জুলাই(হি.স.)। মহানগৰীৰ আজাৰাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। মাতৃৰ মৃতদেহ কান্ধত তুলি লৈ সৎকাৰৰ বাবে গৈ থকাৰ সময়তেই ট্ৰাকৰ খুন্দাত নিহত পুত্ৰৰ। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব লওতেই ট্ৰাকৰ খুন্দাত নিহত হই পুত্ৰৰ। মহানগৰীৰ আজাৰাত সংঘটিত
মহানগৰীৰ আজাৰাত মাতৃৰ মৃতদেহ সৎকাৰৰ বাবে গৈ পথ দূৰ্ঘটনাত নিহত পুত্ৰ


গুৱাহাটী, ১৮ জুলাই(হি.স.)। মহানগৰীৰ আজাৰাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। মাতৃৰ মৃতদেহ কান্ধত তুলি লৈ সৎকাৰৰ বাবে গৈ থকাৰ সময়তেই ট্ৰাকৰ খুন্দাত নিহত পুত্ৰৰ। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব লওতেই ট্ৰাকৰ খুন্দাত নিহত হই পুত্ৰৰ।

মহানগৰীৰ আজাৰাত সংঘটিত হৈছে উক্ত শোকাৱহ পথ দূৰ্ঘটনাটো। বিগত প্ৰায় দুবছৰ ধৰি ৰোগত আক্ৰান্ত হৈ আছিল ৬৮ বছৰীয়া বৃদ্ধ মাতৃ। কিন্তু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি শুকুৰবাৰে নিশা নিজ বাসগৃহত দেহাবসান ঘটে বৃদ্ধ মাতৃৰ।

ইফালে, আজি শনিবাৰে পুৱাৰ ভাগতে হাটখোৱাপাৰাৰ নিজ বাসগৃহৰ পৰা অন্তিম সংস্কাৰৰ সকলো নীতি-নিয়ম পালন কৰি মাতৃৰ মৃতদেহ লৈ যোৱা হৈছিল হাটখোৱাপাৰাৰ ৰাজহুৱা শ্মশানলৈ।

কিন্তু শ্মশান গৈ পোৱাৰ পূৰ্বেই আদবাটতে, ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হব লওতে মুহুৰ্তৰ ভিতৰতে এএছ ০১জেচি ৫৩১১ নম্বৰৰ তীব্ৰবেগী ট্ৰাকখনে মহটিয়াই লৈ যায় মাতৃৰ মৃতদেহ সৎকাৰৰ বাবে যোৱা পুত্ৰ পৰাগ দাসক। ফলত থিতাতে নিহত হয় বিজয়নগৰ উপ-ডাকঘৰৰ পৰিচালক পৰাগ দাসৰ। মাতৃৰ মুখাগ্নি কৰাৰ প্ৰাক মুহূৰ্ততে নিহত হয় পৰাগ দাস।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande