ধুবুৰী জিলাৰ আলমগঞ্জ অঞ্চলত প্ৰশাসনে জাৰি কৰা উচ্ছেদৰ জাননীক লৈ তীব্ৰ ক্ষোভ সাংসদ ৰকিবুল হুছেইনৰ
ধুবুৰীৰ গৌৰীপুৰত সাংসদ ৰকিবুল হুছেইনৰ সংবাদমেল।
ধুবুৰী জিলাৰ আলমগঞ্জ অঞ্চলত প্ৰশাসনে জাৰি কৰা উচ্ছেদৰ জাননীক লৈ তীব্ৰ ক্ষোভ সাংসদ ৰকিবুল হুছেইনৰ


ধুবুৰী, ১৮ জুলাই (হি.স.)। ধুবুৰী জিলাৰ আলমগঞ্জ অঞ্চলত প্ৰশাসনে জাৰি কৰা উচ্ছেদৰ জাননীক লৈ তীব্ৰ ক্ষোভ সাংসদ ৰকিবুল হুছেইনৰ। আজি ধুবুৰী জিলাৰ গৌৰীপুৰত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে জিলা প্ৰশাসনৰ বিৰুদ্ধে এই ক্ষোভ উজাৰে।

ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ শিক্ষা, জনজাতীকৰণ আৰু অঞ্চলটোৰ ৰেল যোগাযোগ ব্যৱস্থাক লৈও কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদে। ধুবুৰী জিলাৰ আলমগঞ্জ অঞ্চলৰ কো-অপেৰাটিভ ছ’ছাইটিৰ মাটি তথা চৰকাৰী খাচ মাটিত বসবাস কৰা লোকসকলে উচ্ছেদৰ জাননী লাভ কৰা লোকসকলৰ সৈতে এক মত বিনিময় কৰে বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে। ভুক্তভোগী পৰিয়ালসমূহৰ দুৰ্দশাৰ বুজ লৈ হুছেইনে তেওঁলোকক সম্পূৰ্ণ আইনী সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু ধুবুৰী জিলা প্ৰশাসনৰ ভূমিকাৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।সংবাদমেলত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি সাংসদ ৰকিবুল হুছেইনে কয় যে বিজেপি চৰকাৰৰ দিনত জনগোষ্ঠীসমূহৰ জনজাতীকৰণৰ ক্ষেত্ৰত চৰকাৰে একোৱেই ভবা নাই।

কংগ্ৰেছ দলে সদায়েই জনগোষ্ঠী সমূহৰ জনজাতীকৰণ হোৱাটো বিচাৰে।আনহাতে, গ্ৰাম্য অৰ্থনীতি মজবুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ দৰিদ্ৰ ৰাইজক ছাগলী পালন কৰিবলৈ আহ্বান জনায়। কম খৰচতে ছাগলী পালন কৰি কেনেকৈ অধিক উপাৰ্জন কৰিব পাৰি, সেই সন্দৰ্ভত এক ব্যতিক্ৰমী মন্তব্য কৰে সাংসদ গৰাকীয়ে।ৰাজস্থানৰ পৰা অহা ছাগলী অসম তথা নৰ্থ ইষ্টলৈ পঠিয়াই দিয়ে। কিন্তু ৰাজস্থানৰ মানুহে ছাগলী নাখায়, অধিকাংশ লোকেই নিৰামিষভোজী। আমি কংগ্ৰেছ দলে বিচাৰো দুখীয়া ৰাইজে ছাগলী পুহিব লাগে আৰু ইয়াৰ জৰিয়তে কম পইচাতে বেছি ইনকাম কৰিব লাগে।সমাজত বৃদ্ধি পোৱা ড্ৰাগছৰ প্ৰচলন আৰু সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধেও সৰৱ হৈ পৰে ৰকিবুল হুছেইন।

অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছৰ কৱলৰ পৰা ৰক্ষা কৰি কেনেকৈ এক সুস্থ সমাজ আৰু উন্নত শিক্ষা প্ৰদান কৰিব পাৰি, তাৰ বাবে কংগ্ৰেছ দলে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব বুলি তেওঁ উল্লেখ কৰে।একেদৰে, যোগাযোগ ব্যৱস্থাৰ প্ৰসংগ উত্থাপন কৰি সাংসদগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে যে কোচবিহাৰৰ পৰা গৌৰীপুৰ হৈ গুৱাহাটী সংযোগী ৰেলপথেৰে বৰ্তমান কেৱল মালবাহী ৰেলহে যাতায়াত কৰে। এই পথছোৱাত অতি শীঘ্ৰে যাত্ৰীবাহী ৰেল চলাচল কৰাৰ বাবে সংসদত জোৰদাৰ দাবী আৰু প্ৰশ্ন উত্থাপন কৰিব বুলি হুছেইনে স্পষ্ট কৰি দিয়ে।উল্লেখ্য যে, আজিৰ এই গুৰুত্বপূৰ্ণ সংবাদমেল তথা মত বিনিময় অনুষ্ঠানত সাংসদ ৰকিবুল হুছেইনৰ সৈতে ধুবুৰী সমষ্টিৰ বিধায়িকা বেবী বেগম, গৌৰীপুৰ সমষ্টিৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰৰ লগতে ধুবুৰী জিলা কংগ্ৰেছৰ অগণন নেতা-কৰ্মী উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande