
দৰং, ১৮ জুলাই (হি.স.)। মঙ্গলদৈত ২৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনা। ঠিতাতে নিহত প্ৰশান্ত ডেকা নামৰ এজন যুৱক। মঙ্গলদৈ থানাৰ অন্তৰ্গত বঙলাগড়ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইকেৰে গৈ থকা অৱস্থাত অচিনাকি বাহনে মহতিয়াই নিয়ে যুৱক জনক। যুৱক জন বঙলাগড় খৈৰাপাৰাৰ প্ৰশান্ত ডেকা বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যুৱক জনক। দুৰ্ঘটনা সংঘটিত কৰি বাহন খন পলায়ন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ