
দৰং, ১৮ জুলাই (হি.স.)। ছিপাঝাৰত বিদ্যুতস্পৃষ্ট হৈ নিহত এজন । ছিপাঝাৰৰ গৰুখুটিৰ চলাৰদলত সংঘটিত হয় উক্ত ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা লোক জনৰ নাম ডিম্বেশ্বৰ নাথ(৪৭)। কালি নিশা ঘৰলৈ আহি থকা পথত সংঘটিত হয় উক্ত কৰুণ ঘটনা। অভিযোগ অনুসৰি পথৰ ওপৰেৰে যোৱা বিদ্যুতৰ তাঁৰ ছিঙি পৰি আছিল আৰু সেই তাঁৰত স্পৰ্শ হৈ নিহত হয় ডিম্বেশ্বৰ নাথ।
দুই সন্তানৰ পিতৃ আছিল নিহত ডিম্বেশ্বৰ নাথ । স্থানীয় ৰাইজে সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ