
ডিব্ৰুগড়, ১৮ জুলাই (হি.স.): ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ কঠোৰ অভিযান অব্যাহত আছে । যোৱা কালি শুকুৰবাৰে নিশা টিংখাঙৰ মাহমৰা আলিকিনাৰ গাঁৱত আৰক্ষীয়ে অভিযান চলাই কেইবা কোটি টকা মূল্যৰ ড্ৰাগছৰ লগতে ১৪ লাখ ৬ হেজাৰ ৬০০ টকা নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ এই অভিযানৰ উমান পায়েই ঘৰৰ পৰা পলায়ন কৰে মনোজ গগৈ নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোয়ে ।
প্ৰাপ্ত তথ্য়মতে, গোপন সূত্ৰৰ পম খেদি টিংখাং আৰক্ষীয়ে মাহমৰা আলিকিনাৰ গাঁৱৰ মনোজ গগৈ নামৰ লোকজনৰ বাসগৃহত চলায় এক অতৰ্কিত অভিযান। আৰক্ষীৰ অভিযানকাৰী দলে বাসগৃহৰ পৰা ‘১৪ লাখ ৬ হেজাৰ ৬০০ টকা ’ নগদ ধন উদ্ধাৰ কৰাৰ লগতে ঘৰৰ পিছফালে ৰখাই থোৱা এখন বলেৰ’ পিকআপ বাহনত লুকুৱাই থোৱা অৱস্থাত ১৩৪৫.০৫ গ্ৰাম ড্ৰাগছ উদ্ধাৰ হয় । মুঠ ১০৭ টা চাবোনৰ বাকচত ভৰাই কৌশলেৰে লুকুৱাই থৈছিল কেইবা কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি । অৱশ্যে আৰক্ষীৰ এই অভিযানৰ উমান পায়েই ঘৰৰ পৰা পলায়ন কৰে মূল অভিযুক্ত মনোজ গগৈয়ে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত আছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ