যোৰহাটৰ নন্দনপুৰত পিষ্টলসহ তিনি জাঁই সজীৱ গুলি উদ্ধাৰ, এজন আটক
যোৰহাট, ১৮ জুলাই (হি.স.)। যোৰহাট আৰক্ষীয়ে আজি এক বিশেষ অভিযান চলাই অবৈধ অস্ত্ৰ উদ্ধাৰত সফলতা লাভ কৰে। যোৰহাট চহৰৰ জেল ৰোডস্থিত নন্দনপুৰ অঞ্চলত চলোৱা এই অভিযানত এখন পালছাৰ মটৰচাইকেলসহ এজন ব্যক্তিক আটক কৰাৰ লগতে তেওঁৰ দখলৰ পৰা এটা পিষ্টল আৰু তিনি জা
যোৰহাটৰ নন্দনপুৰত পিষ্টলসহ তিনি জাঁই সজীৱ গুলি উদ্ধাৰ, এজন আটক


যোৰহাট, ১৮ জুলাই (হি.স.)। যোৰহাট আৰক্ষীয়ে আজি এক বিশেষ অভিযান চলাই অবৈধ অস্ত্ৰ উদ্ধাৰত সফলতা লাভ কৰে। যোৰহাট চহৰৰ জেল ৰোডস্থিত নন্দনপুৰ অঞ্চলত চলোৱা এই অভিযানত এখন পালছাৰ মটৰচাইকেলসহ এজন ব্যক্তিক আটক কৰাৰ লগতে তেওঁৰ দখলৰ পৰা এটা পিষ্টল আৰু তিনি জাঁই সজীৱ গুলি উদ্ধাৰ কৰা হয়।

আটকাধীন ব্যক্তিজনৰ নাম সঞ্জীৱ বৰুৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। যোৰহাট যান-বাহন শাখাৰ পৰিদৰ্শক উৎপল দত্তৰ নেতৃত্বত চলোৱা এই বিশেষ অভিযানত সন্দেহজনকভাৱে ঘূৰি ফুৰা অৱস্থাত ব্যক্তিজনক আটক কৰি তালাচী চলোৱাৰ সময়তে এই অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হয়। ৭.৬৫ এম এম পিষ্টল সহ তিনি জাঁই গুলী আৰু পালচাৰ মটৰচাইকেল আৰক্ষীয়ে জব্দ কৰিছে। মটৰ চাইকেল খনৰ নম্বৰ এ এছ ০৩ এছ ৫১৫৩ এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ তৎপৰতাকো পুনৰ এবাৰ প্ৰতিফলিত কৰিছে। তদন্ত অব্যাহত আছে আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande