টীয়কৰ কাকজানত ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ
যোৰহাট, ১৮ জুলাই (হি.স.)। টীয়কত চাঞ্চল্য । টীয়কৰ কাকজানত ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত এটা মৃতদেহ উদ্ধাৰ হৈছে। লোক জনক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। স্থানীয় একাংশ পথচাৰীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰাত হুৱা দুৱা লাগে। স্থানীয় লোকসকলে ততাতৈয়াকৈ
টীয়কৰ কাকজানত ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ


যোৰহাট, ১৮ জুলাই (হি.স.)। টীয়কত চাঞ্চল্য । টীয়কৰ কাকজানত ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত এটা মৃতদেহ উদ্ধাৰ হৈছে।

লোক জনক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। স্থানীয় একাংশ পথচাৰীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰাত হুৱা দুৱা লাগে। স্থানীয় লোকসকলে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটোৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰে। পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃতদেহটো কোন লোকৰ তাকলৈ আৰক্ষীয়ে সম্প্ৰতি অনুসন্ধান আগবঢ়াই নিছে। ইফালে লোকজনৰ মৃত্যু স্বাভাৱিক নে এয়া কোনো হত্যাকাণ্ডৰ ঘটনা সেই কথা মৰণোত্তৰ পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande