
গুৱাহাটী, ১৮ জুলাই (হি.স.)। ১৭ জুলাইৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ কটন বিশ্ববিদ্যালয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ। ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ উদ্যোগত তথা কটন বিশ্ববিদ্যালয়, উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় আৰু শ্বিলঙৰ উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ যুটীয়া সহযোগত অনুষ্ঠিত হোৱা এই আলোচনা সত্ৰৰ মূল বিষয় হৈছে ''পৰম্পৰাৰ পৰা পৰিৱৰ্তন: আধুনিক শাসন ব্যৱস্থাত ভাৰতীয় ইতিহাস আৰু জ্ঞান পৰম্পৰাৰ সংমিশ্ৰণ।''
আজিৰ সত্ৰ উদ্ঘাটন অনুষ্ঠানত সন্মানীয় অতিথিৰ ৰূপত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ প্ৰেছ সচিব তথা বিধায়ক তৰংগ গগৈ আৰু গুৱাহাটী চেন্ট্ৰেল সমষ্টিৰ বিধায়ক বিধায়ক বিজয় গুপ্তা। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় সভাপতি অধ্যাপক ঈশ্বৰ চৰণ বিশ্বকৰ্মা, ৰাষ্ট্ৰীয় সচিব ড০ বাল মুকুন্দ পাণ্ডে, ৰাষ্ট্ৰীয় মহাসচিব হেমন্ত ধিং মজুমদাৰ, সংৰক্ষণ প্ৰমুখ গোপাল নাৰায়ণ সিং, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰমেশ ডেকা, পঞ্জীয়ক ড০ হীৰেণ ডেকাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ইতিহাসবিদ, কেইবাখনো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, মহাবিদ্যালয়ৰ অধ্যক্ষ, শিক্ষাবিদ তথা যুৱ ইতিহাসকাৰসকল। নিজৰ ভাষণত অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় সচিব ড০ বাল মুকুন্দ পাণ্ডেয়ে কয় যে প্ৰাগ ঐতিহাসিক কালৰ পৰাই ভাৰতীয় পৰম্পৰা অতি গভীৰ, উচ্চ মানবিশিষ্ট আৰু মানৱীয় চিন্তা-চেতনাৰে সমৃদ্ধ।
আমি আমাৰ এই স্বকীয় পৰম্পৰা তথা সংস্কৃতিৰ হেৰাই যোৱা তথ্যসমূহ পুনৰুদ্ধাৰ কৰি সেইবোৰক সঠিক ৰূপত উপস্থাপন কৰিব লাগিব আৰু মাতৃভূমিৰ হকে ত্যাগ-কষ্ট স্বীকাৰ কৰা বীৰ পুৰুষসকলক ইতিহাসৰ পাতত সজীৱ কৰি ৰাখিব লাগিব। অনুষ্ঠানত ৰাষ্ট্ৰীয় মহাসচিব হেমন্ত ধিং মজুমদাৰে আজিৰ বিশ্বায়ন আৰু তথ্য-প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ যুগত আমাৰ স্বকীয় সংস্কৃতিৰ ঘাই শিপা আৰু পৰম্পৰাগত জ্ঞানক আধুনিক শাসন প্ৰণালীত ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ আৰু সামাজিক জীৱনৰ সৈতে কেনেকৈ একত্ৰিত কৰিব পাৰি, তাৰ ওপৰত সাৱলীল বক্তব্য আগবঢ়ায়। ইয়াৰ পাছতে অনুষ্ঠিত কৰা হয় ভাৰতীয় ঐতিহ্যৰ পুনৰুদ্ধাৰ, বৈচিত্ৰ্যৰ মাজত ঐক্য, স্বদেশী ভাৱনাৰ জাগৰণ, পাৰিবাৰিক প্ৰবোধন, পৰিৱেশ সংৰক্ষণ, প্ৰাচীন জ্ঞানৰ প্ৰয়োগ, ৰাষ্ট্ৰীয় উন্নয়ন আদি কেইবাটাও বিষয়ক সত্ৰ কাৰ্যক্ৰমণিকা। ইয়াৰ উপৰিও ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাজ্যিক সচিব, সহকাৰী সচিব, সাংগাঠনিক সচিব আৰু সহঃ সাংগাঠনিক সচিবসকলৰ মাজত এক বিশেষ কৰ্মশালা অনুষ্ঠিত হয়।
এই ৰাষ্ট্ৰীয় আলোচনা সত্ৰৰ ১৯ তাৰিখৰ সামৰণি অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফ্টেনেণ্ট জেনেৰেল কে.টি. পাৰনাইক মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও দেশৰ কেইবাখনো ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ইতিহাসবিদ তথা শিক্ষাবিদ উপস্থিত থাকিব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী