
গোৱালপাৰা, ১৮ জুলাই (হি.স.): শেহতীয়াকৈ ঘোষণা হোৱা নীট (NEET) পৰীক্ষাৰ ফলাফলত এম জি ছুপাৰ ৩০ (MG Super 30) প্ৰতিষ্ঠানে এক উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । প্ৰতিষ্ঠানটোৰ সঞ্চালকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই সাফল্যৰ বাবে অত্যন্ত আনন্দ প্ৰকাশ কৰিছে। তেওঁৰ মতে, ১০ বছৰৰ আগতে দেখা এটা সপোন এতিয়া বাস্তৱায়িত হৈছে, য'ত শিক্ষাৰ্থীসকলে চিকিৎসা বিজ্ঞানৰ প্ৰস্তুতিৰ বাবে গুৱাহাটী বা ৰাজস্থানলৈ (কোটা) যোৱাৰ প্ৰয়োজন নাই, নিজৰ অঞ্চলতেই তেওঁলোকে উপযুক্ত শিক্ষা লাভ কৰিব পাৰিছে ।
উল্লেখযোগ্য যে প্ৰতিষ্ঠানটোৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰা দুগৰাকী শিক্ষাৰ্থীয়ে ক্ৰমে ৬৩৮ আৰু ৬২৬ নম্বৰ লাভ কৰিছে। এই দুয়োগৰাকী শিক্ষাৰ্থীয়ে এইমছ (AIIMS) ত নামভৰ্তিৰ সুযোগ পাব বুলি প্ৰতিষ্ঠানটো ১০০% আশাবাদী । প্ৰতিষ্ঠানটোৰ ৮২ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ কেইগৰাকীমানৰ বাহিৰে প্ৰায় সকলোৱেই এম বি বি এছ (MBBS) বা বি ডি এছ (BDS) পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰা হৈছে। এইবাৰ ৪ গৰাকী একেবাৰে নতুনকৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱা (Fresh batch) শিক্ষাৰ্থীয়েও চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত আসন লাভ কৰিবলৈ সক্ষম হৈছে।
প্ৰতিষ্ঠানটোৱে আশা প্ৰকাশ কৰিছে যে তেওঁলোকৰ ১৬ গৰাকীতকৈ অধিক শিক্ষাৰ্থীয়ে নিশ্চিতভাৱে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ সুযোগ পাব। পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এগৰাকী ছাত্ৰীয়ে নিজৰ সাফল্যৰ বাবে ঈশ্বৰক ধন্যবাদ জনাই কয় যে, সফলতাৰ বাবে অতি প্ৰয়োজনীয়। কঠিন পৰিস্থিতিত নিজৰ মানসিক ভাৰসাম্য বজাই ৰখা আৰু মনোযোগ বিঘ্নিত কৰা কাৰকসমূহৰ (Distractions) পৰা আঁতৰত থাকিবলৈ তেওঁ আগন্তুক শিক্ষাৰ্থীসকলক পৰামৰ্শ দিয়ে।
আন এগৰাকী কৃতকাৰ্য ছাত্ৰই ৬৩০ নম্বৰ (সৰ্বভাৰতীয় ৰেংক ২৪,৪৭৭) লাভ কৰি নিজৰ পিতৃ-মাতৃ আৰু এম জি ছুপাৰ ৩০-ৰ শিক্ষকসকলক তেওঁলোকৰ নিৰন্তৰ সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, ধাৰাবাহিকভাৱে কঠোৰ পৰিশ্ৰম কৰিলে সফলতা নিশ্চিত। বৰ্তমান শিক্ষাৰ্থীসকল প্ৰস্তুতিৰ বাবে কোটা (Kota) লৈ যোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ নিজৰ অঞ্চলৰ স্থানীয় প্ৰতিষ্ঠানসমূহতেই এতিয়া সমপৰ্যায়ৰ সমল (Content) আৰু সুবিধা উপলব্ধ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ