
বৰপেটা, ১৮ জুলাই (হি.স.)। দৰিদ্ৰতাক নেওচি নীট পৰীক্ষাত সফলতা লাভ। বৰপেটা ৰোডৰ মহিমা পাৰ্বিনৰ সাফল্যত গৌৰৱান্বিত বৰপেটাবাসী।
অদম্য ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰম থাকিলে যে অভাৱ-অনাটনকো পৰাজিত কৰিব পাৰি, সেয়া পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে বৰপেটা ৰোডৰ মেধাবী ছাত্ৰী মহিমা পাৰ্বিনে।
শেহতীয়াকৈ ঘোষিত সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষা অৰ্থাৎ নীট-ত মহিমাই ৫১৬ নম্বৰ লাভ কৰি সমগ্ৰ অঞ্চলটোৰ বাবে কঢ়িয়াই আনিছে গৌৰৱ। এক অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান মহিমাৰ জীৱন সংগ্ৰামৰ কাহিনী অত্যন্ত প্ৰেৰণাদায়ক। পিতৃহাৰা মহিমাৰ সংসাৰৰ সকলো দায়িত্ব এতিয়া তেওঁৰ মাতৃৰ কান্ধত।
ঘৰৰ দুৰৱস্থাৰ মাজতো পৰিয়াল পোহপাল দিবলৈ মহিমাৰ মাতৃয়ে ঘৰৰ সন্মুখত তামোল-পাণৰ দোকান দি অতি কষ্টেৰে জীৱন নিৰ্বাহ কৰি আহিছে।
মাতৃৰ অশেষ ত্যাগ আৰু নিজৰ লক্ষ্যত অটল থকা মহিমাই বহু প্ৰতিকূলতাৰ মাজতো পঢ়াশুনাত কেতিয়াও বিৰতি অহা নাছিল। পঢ়াৰ বাবে প্ৰয়োজনীয় সা-সুবিধাৰ অভাৱৰ স্বত্বেও তেওঁৰ এই সাফল্যই আজি বহু শিক্ষাৰ্থীৰ বাবে এক নতুন প্ৰেৰণাৰ উৎস হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা